ডাউনলোড
মোবাইল এপ

android apple
signal

ছত্তিশগড়ৰ ৰাজ্যভাষাতে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিক লৈ শিক্ষাৰ্থীসকলে গৱেষণা কৰিব পাৰিব: ৰমেন ডেকা

● ছত্তিশগড়ৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্রতিষ্ঠা কৰা হ’ব বুলি ৰাজ্যখনৰ ৰাজ্যপাল তথা পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই কালি গুৱাহাটীত এখন সংবাদমেলত প্ৰকাশ কৰিছে। ৰাজ্যপালগৰাকীয়ে সদৰি কৰা মতে ইয়াৰ বাবে ৰাজ্যখনৰ বাজেটত ২ কোটি টকা ধাৰ্য্য কৰা হৈছে। ছত্তিশগড়ৰ ৰাজ্যভাষাতে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিক লৈ শিক্ষাৰ্থীসকলে গৱেষণা কৰিব পাৰিব বুলি শ্রীডেকাই জানিবলৈ দিয়ে। তেওঁ লগতে কয়, যে গুৱাহাটীৰ উজানবজাৰৰ মহিলা ভাওনা দলে ছত্তিশগড়ত গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শন কৰিব। অসমত শীঘ্ৰে ছত্তিশগড় ভৱন নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰি শ্ৰীডেকাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ছত্তিশগড়তো অসম ভৱন স্থাপনৰ বাবে আহ্বান জনায়। ছত্তিশগড়ত ৰাজ্যখনৰ ৰাজ্যপাল ৰমেন ডেকাৰ তৎপৰতাত মহাপুৰুষজনাৰ নামত বিশ্ববিদ্যালয়ত আসন প্রতিষ্ঠা কৰিবলৈ লোৱা সিদ্ধান্তক মুখ্যমন্ত্রী ড° শৰ্মাই আদৰণি জনাইছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সংস্কৃতি প্ৰসাৰৰ ক্ষেত্ৰত এয়া উল্লেখনীয় বতৰা বুলি ড° শৰ্মাই মতপোষণ কৰিছে। দেশৰ প্ৰেক্ষাপটত পাঞ্জাৱ বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পাছত ৰায়পুৰৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ বাবে ৰাজ্যপাল ৰমেন ডেকা তথা ছত্তিশগড় চৰকাৰক মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে।

অধিক পঢ়ক

সকলো চাওক