ডাউনলোড
মোবাইল এপ

android apple
signal

ছট্টিশগড়ত ৩৩,৭০০ কোটিতকৈও অধিক ধনৰ ব্যয়সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা প্ৰধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছট্টিশগড়ৰ বিলাসপুৰ জিলাৰ মোহভট্টাত গৃহ নিৰ্মাণ, শিক্ষা, তেল আৰু গেছ, ৰে’ল, পথ তথা বিদ্যুৎ শক্তি সম্পৰ্কীয় ৩৩,৭০০ কোটিতকৈও অধিক ধনৰ ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক উন্নয়নমূলক প্রকল্প মুকলি কৰে। এই উপলক্ষে আয়োজিত জনসভাত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে ছট্টিশগড়ৰ নক্সালবাদী অধ্যুষিত অঞ্চলসমূহত শান্তিৰ নতুন দিগন্ত পৰিলক্ষিত হৈছে। তেওঁ কয়, যে ৰাজ্যখনৰ দূৰৱৰ্তী জনজাতীয় অঞ্চলসমূহত স্বাস্থ্যৰ সুবিধা, পথ যোগাযোগ, বিদ্যুৎ আৰু ম’বাইল নেটৱৰ্কৰ লগতে অন্যান্য সা-সুবিধাসমূহ উপলব্ধ কৰা হৈছে। শেহতীয়া কেইবছৰমানত নক্সালবাদী অধ্যুষিত অঞ্চলসমূহত বহুতো বিদ্যালয় পুনৰ মুকলি কৰা বুলিও তেওঁ প্ৰকাশ কৰে। ছট্টিশগড়ৰ ভাগ্য সলনি হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যখনৰ জনজাতীয় অঞ্চলসমূহৰ প্ৰগতিৰ বাবে ‘ধৰ্তী অৱ জনজাতি উৎকর্ষ অভিযানৰ সূচনা কৰা হৈছে। ৰাজ্যখনৰ প্ৰান্তীয়, জনজাতীয় সম্প্রদায়সমূহৰ বাবে পি এম জন-মন যোজনাৰ সুবিধাসমূহ আগবঢ়াই থকা হোৱা বুলিও তেওঁ উল্লেখ কৰে। এই যোজনাৰ অধীনত কেইবাহাজাৰ কোটি টকা ব্যয়সাপেক্ষে জনজাতীয় অঞ্চলসমূহৰ উন্নয়ন ত্বৰান্বিত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে ছট্টিশগড়ৰ প্ৰতিটো পৰিয়ালৰ প্ৰগতি সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিব। এই অনুষ্ঠানত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ হিতাধিকাৰীৰ গৃহ প্ৰৱেশৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হয়। প্রধানমন্ত্ৰীগৰাকীয়ে এই হিতাধিকাৰীসকলক তেওঁলোকৰ বাসগৃহৰ ছাবি অর্পণ কৰে। চৰকাৰে কেৱল বাসগৃহই নিৰ্মাণ নকৰে বুলি উল্লেখ কৰি তেওঁ কয়, যে চৰকাৰে এই গৃহসমূহত বাস কৰা জনসাধাৰণৰ জীৱনো নিৰ্মাণ কৰে। এই বৃহৎ পৰিমাণৰ বাসগৃহসমূহৰ নির্মাণে জুপুৰিৰ বাসিন্দাসকলৰ পকাঘৰত বাস কৰাৰ সপোন পূৰ কৰাৰ উপৰি যুৱচাম, স্থানীয় হস্তশিল্পীকে ধৰি বহুলোকক নিয়োগৰ সুবিধা প্ৰদান কৰা বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ অনুষ্ঠানত অভনপুৰ-ৰায়পুৰৰ মাজত চলাচল কৰা মেমু ৰে’লসেৱা পতাকা জোকাৰি মুকলি কৰে। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় গৃহ নিৰ্মাণ তথা নগৰ উন্নয়ন মন্ত্ৰী মনোহৰ লাল খট্টাৰ আৰু ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চাইয়েও ভাষণ দিয়ে।

অধিক পঢ়ক

সকলো চাওক