চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৌৰৱ প্ৰকাশ

অসমৰ ঐতিহাসিক চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱ প্ৰকাশ কৰিছে। আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত আজি প্রধানমন্ত্ৰীয়ে কয় যে, চৰাইদেউ মৈদাম ভাৰতৰ ৪৩ সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্রথমটো সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। এই মৈদামসমূহৰ গুৰুত্ব সন্দৰ্ভত ব্যাখ্যা কৰি শ্রীমোদীয়ে কয় যে, চৰাইদেউ আছিল আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী। আহোম ৰাজবংশই পৰম্পৰাগতভাৱে মৃতদেহ আৰু তেওঁলোকৰ মূল্যবান সা-সম্পত্তিসমূহ মৈদাম সাজি সংৰক্ষণ কৰি ৰাখিছিল। প্রধানমন্ত্রীয়ে লগতে কয় যে, মৈদামসমূহ হৈছে মৃত্যু হোৱা আহোম ৰজাসকলৰ লগতে তেওঁলোকৰ কুঁৱৰিসকল আৰু অন্যান্য গণ্য মান্য লোকসকলৰ স্মৃতিসৌধ। প্রধানমন্ত্ৰীয়ে ত্রয়োদশ শতিকাৰ পৰা ১৯ শতিকাৰ আৰম্ভণিলৈকে বৰ্তি থকা আহোম সাম্ৰাজ্যৰ ভূয়সী প্রশংসা কৰে। তেওঁ কয় যে আহোম শাসকসকলৰ নীতি আৰু বিশ্বাস ইমানেই শক্তিশালী আছিল যে ই আহোম ৰাজবংশক দীৰ্ঘদিনৰ বাবে সজীৱ কৰি ৰাখিছিল। শ্ৰীমোদীয়ে এই ছেগতে আহোমৰ মহান বীৰ যোদ্ধা লাচিত বৰফুকনৰ এটা বিশাল প্রতিমুর্তি চলিত বছৰৰ ৯ মাৰ্চত উদ্বোধন কৰাৰ মুহূৰ্তক স্মৰণ কৰে। তেওঁ কয় যে, লাচিত বৰফুকনৰ মৈদামত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ প্ৰশান্তি অনুভৱ কৰিছিল। চৰাইদেউ মৈদামক ভৱিষ্যতে অসম ভ্ৰমণৰ অন্যতম কাৰ্যসূচী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে পৰ্যটকসকলক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক