ডাউনলোড
মোবাইল এপ

android apple
signal

November 21, 2024 7:40 PM | Sarbananda Sonowal

printer

চৰাইদেউ মৈদামথলীত বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য সপ্তাহ-২০২৪ উদযাপন

চৰাইদেউ মৈদামথলীত পৰহিৰেপৰা বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য সপ্তাহ-২০২৪ উদযাপন কৰা হৈছে। অসম প্রত্নতত্ত্ব সঞ্চালকালয়ৰ দ্বাৰা স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতিৰ সহযোগত আয়োজিত এই কার্যসূচী উপলক্ষে প্রতিদিনে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আজি চৰাইদেউ মৈদামত উপস্থিত হৈ প্ৰত্নতত্ব বিভাগৰ বিষয়াসকলৰ পৰা মৈদামৰ বিভিন্ন দিশ সম্পর্কে বুজ লয়। আজি মৈদামক্ষেত্ৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মৈদামথলীৰ চৌহদত থকা স্থায়ী চাও-চি ৰেন গৃহত বন্তি প্ৰজ্বলন কৰাৰ লগতে টাই-মলুং পণ্ডিতৰ মন্ত্ৰোচ্চাৰণৰ মাজতে আহোম স্বৰ্গদেউসকলৰ উপৰি পুৰুষক স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰে। শ্ৰী সোণোৱালে লগতে চৰাইদেউৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ বাবে আনন্দ প্ৰকাশ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে ৷ মন্ত্ৰীগৰাকীৰ সৈতে ভ্ৰমণকালত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱাৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইপিনে, চৰাইদেউক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ বাবে নথি-পত্ৰ যুগুত কৰা ড° কে চি ন’ৰিয়েললৈ টাই-আহোম যুৱ ছাত্ৰ পৰিষদে লাচিত বৰফুকন বঁটা, ২০২৪ ঘোষণা কৰিছে। শিৱসাগৰ জিলাতো পৰহিৰেপৰা বিশ্ব ঐতিহ্য সপ্তাহ উদযাপন কৰা হৈছে। এই উপলক্ষে জিলাখনৰ ঐতিহাসিক স্থানসমূহ তথা কীৰ্তিচিহ্ন থকা অঞ্চলসমূহত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি এই সপ্তাহৰ সৈতে সংগতি ৰাখি পুৰাতত্ব বিভাগৰ উদ্যোগত ৰংঘৰ বাকৰিৰ পৰা তলাতল ঘৰলৈকে সমদল উলিওৱা হয়। এই সমদলত বিভাগৰ বিষয়ববীয়া আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশ লৈ কীৰ্তিচিহ্ন থকা স্থানসমূহ পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখিবলৈ সকলোকে আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক