চৰাইদেউ জিলাৰ সোণাৰি পৌৰসভা এলেকাত অৱস্থিত সকলো দোকান, ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়াত নামফলক ব্যৱহাৰ কৰিবলৈ সোণাৰি পৌৰসভাই নিৰ্দেশনা জাৰি কৰিছে। চৰাইদেউ জিলা ঐক্যমঞ্চই দিয়া স্মাৰক পত্ৰৰ প্ৰতি সন্মান জনাই সোণাৰি পৌৰসভাৰ কাৰ্যবাহী বিষয়াই অসমীয়াত নামফলক ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰিছে। জাৰি কৰা নির্দেশ অনুযায়ী অহা ১০ ছেপ্তেম্বৰৰ ভিতৰত সকলো দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত অঁৰা নামফলকসমূহ অসমীয়াত লিখিবলৈ নিৰ্দেশ দিয়া হৈছে।
Site Admin | August 31, 2024 8:21 PM | Akashvani | Akashvani News
চৰাইদেউ জিলাৰ সোণাৰি পৌৰসভা এলেকাত অসমীয়াত নামফলক ব্যৱহাৰ কৰিবলৈ সোণাৰি পৌৰসভাৰ নিৰ্দেশনা
