চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাত ভ্ৰাম্যমাণ কেঁচা চাহপাত পৰীক্ষাগাৰ উদ্বোধন

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাত এটা ভ্ৰাম্যমাণ কেঁচা চাহপাত পৰীক্ষাগাৰ উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহৰ সমাদৰ বৰ্তাই ৰখাৰ স্বাৰ্থত ইয়াৰ গুণগত মানৰ নিৰন্তৰ উন্নয়ন সাধনত মনোনিৱেশ কৰিবলৈ চাহ উৎপাদনবে জড়িত সকলো পক্ষকে আহ্বান জনায়। বিভাগীয় মন্ত্রীগৰাকীয়ে কয় যে, চাহ অসমৰ অতি পুৰণি ঐতিহ্যমণ্ডিত শিল্প। অসমৰ চাহে বিশ্বত এক মর্যাদাপূর্ণ স্থান লাভ কৰি সুকীয়া বজাৰ দখল কৰি আহিছে। অৱশ্যে বহু সময়ত অত্যধিক মাত্ৰাত তথা নিষিদ্ধ ৰাসায়নিক সাৰ প্ৰয়োগ কৰা কথাটোৱে অসমৰ চাহৰ গুণগতমানক লৈ বিদেশত প্ৰশ্ন আৰু সন্দেহৰ অৱতাৰণা কৰিছে আৰু ই এটা দুর্ভাগ্যজনক পৰিস্থিতি। শেহতীয়াকৈ বটলিফ চাহ উৎপাদনক সংস্থাৰ পৰীক্ষণত ৰাজ্যৰ চাহপাতত ৯৯ শতাংশ কীটনাশক দ্ৰব্যৰ উপস্থিতি ধৰা পৰিছে বুলি দোহাৰি মন্ত্ৰীগৰাকীয়ে কয় যে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ মাৰ্গ দৰ্শনত উক্ত চাহ খেতিয়ক পৰিষদ, বটলিফ চাহ উৎপাদক সংস্থাকে ধৰি বিভিন্ন পক্ষৰ সৈতে মত বিনিময়ৰ জৰিয়তে উৎপাদিত চাহৰ গুণাগুণ পৰীক্ষাৰ পোষকতা কৰা হয়। অনুষ্ঠানত চৰাইদেউৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কয় যে, জিলাখনত কেঁচা চাহপাত পৰীক্ষাগাৰ উদ্বোধন হোৱাটো সমগ্ৰ জিলাবাসীৰ বাবে গৌৰবৰ বতৰা। কালিৰ এই অনুষ্ঠানত ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ কেন্দ্রীয় সভাপতি নাৰায়ণ লাহন, বটলিফ চাহ উৎপাদক সংস্থাৰ সম্পাদক বিশ্বজিৎ চেতিয়া প্ৰমুখ্যে জিলাখনৰ ভালেসংখ্যক কর্তৃপক্ষ, ক্ষুদ্র চাহ খেতিয়ক, বিভাগীয় বিষয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক