চৰাইদেউত ভাৰতীয় নির্বাচন আয়োগে মুকলি কৰা সক্ষম এপ সন্দৰ্ভত প্রশিক্ষণ কার্যসূচী ৰূপায়ণ

আসন্ন লোকসভা নির্বাচন উপলক্ষে চৰাইদেউ নিৰ্বাচনী জিলাৰ প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ ছুইপ কোষৰ উদ্যোগত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত দিব্যাংগ ব্যক্তিসকলৰ সুবিধাৰ্থে ভাৰতীয় নির্বাচন আয়োগে মুকলি কৰা সক্ষম এপৰ সন্দৰ্ভত এটি প্রশিক্ষণ কার্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকি অতিৰিক্ত জিলা আয়ুক্ত শ্রাৱনা সোণোৱালে কয় যে দিব্যাংগ ব্যক্তি আৰু ৮৫ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাসকলৰ বাবে নিৰ্বাচন আয়োগে সক্ষম এপৰ জৰিয়তে বিভিন্ন সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে তেওঁলোক যাতে কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে নিজৰ ম’বাইল ফোনতে উপলব্ধ সক্ষম এপৰ জৰিয়তে আবেদন কৰিব পাৰিব। আনহাতে ছুইপ কোষৰ উদ্যোগত জিলাখনত যোৱা ৬ এপ্ৰিলৰ পৰা এলানি বিশেষ প্ৰচাৰ কাৰ্যসূচীৰ জৰিয়তে চাহ বাগিচা অঞ্চল তথা নতুন ভোটদাতা সকলৰ মাজত ভোটদান সন্দৰ্ভত সজাগ বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আজি অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অন্তৰ্গত জীৱিকা সখী আৰু কৃষি সখীসকলে ভোটাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে মটৰ চাইকেল ৰেলীৰ আয়োজন কৰে।

অধিক পঢ়ক

সকলো চাওক