চৰাইদেউ জিলাৰ কৃষকসকলৰ সুবিধাৰ্থে আজিৰে পৰা ২৫ অক্টোবৰলৈ প্ৰধানমন্ত্ৰী কৃষক সম্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান ৰূপায়ণ কৰা হৈছে। জিলাখনত এই আঁচনিৰ সুবিধা এতিয়ালৈ লাভ নকৰা নাইবা এই আঁচনিৰ সুফল লাভ কৰাত সমস্যাৰ সন্মুখীন হোৱা কৃষকসকলৰ সুবিধার্থে বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। যিসকল কৃষকে অনলাইন আবেদন কৰি সংযোজন এক প্ৰপত্ৰখন যাৱতীয় নথিপত্ৰৰ সৈতে জমা দিয়া নাই তেঁওলোকক এই শিবিৰত জমা দিবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত নথিপত্র জমা নিদিয়া কৃষকসকলক অযোগ্য হিচাপে ঘোষণা কৰা হ’ব। উল্লেখযোগ্য যে কৃষি বিভাগৰ সহযোগত গাঁও পঞ্চায়তসমূহত ২৫ অক্টোবৰলৈ চলিবলগীয়া শিবিৰসমূহত কৃষকসকলে মাটিৰ জমাবন্দি, ই-কে ৱাই চি আদিৰ বাবে আবেদন পত্র নাইবা প্ৰপত্র জমা দিব পাৰিব। ইয়াৰ ফলত কৃষকসকলে কিষাণ সম্মান নিধিৰ পৰৱৰ্তী কিস্তিসমূহ সহজে লাভ কৰিবলৈ সমৰ্থ হ’ব।
Site Admin | October 19, 2024 6:55 PM | charaideu kishok sanman nidhi