ডাউনলোড
মোবাইল এপ

android apple
signal

চৰকাৰৰ কাৰ্যকালত দেশৰ মুঠ ঘৰুৱা উৎপাদনত নির্মাণখণ্ডৰ অংশৰ পৰিমাণ হ্ৰাস পাইছেঃ পি চিদাম্বৰম

ৰাজ্যসভাতো আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটৰ ওপৰত আলোচনা অব্যাহত আছে। আলোচনা আৰম্ভ কৰি কংগ্ৰেছৰ নেতা পি চিদাম্বৰমে কয় যে এই চৰকাৰৰ কাৰ্যকালত দেশৰ মুঠ ঘৰুৱা উৎপাদনত নির্মাণখণ্ডৰ অংশৰ পৰিমাণ হ্ৰাস পাইছে। ২০২৫ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাৰ উদ্ধৃতি দি শ্ৰীচিদাম্বৰমে কয়, যে ২০১৪ চনত নিৰ্মাণ খণ্ডৰ অংশ ১৫ দশমিক ০-৭ শতাংশ আছিল, যি ২০১৯ চনত ১৩.৪৬ আৰু ২০২৩ চনত ১২.৯৩ শতাংশলৈ অৱনমিত হ’ল। তেওঁ লগতে উৎপাদন সম্পর্কীত উদগণি আৰু নিৰ্মাণখণ্ড এই দুয়োটা দিশতে চৰকাৰ বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰে। শ্ৰীচিদাম্বৰৰ্মৰ অভিযোগৰ প্ৰত্যুত্তৰ দি সদনৰ নেতা জে পি নাড্ডাই নিৰ্মাণ খণ্ডকে ধৰি বিভিন্ন খণ্ডত চৰকাৰে গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। আলোচনাত অংশগ্ৰহণ কৰি ডি এম কেৰ তিৰুচি শিৱাই কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ কেন্দ্ৰীয় সাহায্যৰে পৰিচালিত আঁচনিসমূহৰ পুঁজি মোকলাই দিয়া নাই বুলি অভিযোগ তোলে। তেওঁ লগতে দেশত প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণ হ্ৰাস পোৱা আৰু চৰকাৰে সামগ্ৰী আৰু সেৱা কৰ হ্ৰাস কৰিবলৈ ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ উত্থাপন কৰে। আলোচনাত অংশ লৈ শিৱসেনাৰ মিলিন্দ মুৰলী দেওৰাই এইবাৰৰ সাধাৰণ বাজেটৰ প্ৰশংসা কৰি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৱল নেতৃত্বত দেশ উন্নতিৰ শিখৰত উপনীত হ’ব বুলি মন্তব্য কৰে। সমাজবাদী পাৰ্টীৰ ৰামজী লাল সুমন আৰু অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যইও আলোচনাত অংশগ্রহণ কৰে৷

অধিক পঢ়ক

সকলো চাওক