ডাউনলোড
মোবাইল এপ

android apple
signal

February 15, 2025 6:17 PM | Prez

printer

চৰকাৰৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাক একত্ৰিত কৰাৰ পদক্ষেপ গ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয় যে চৰকাৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাক একত্ৰিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। আজি ৰাঁচীত অনুষ্ঠিত বিৰলা ইনষ্টিটিউত অৱ টেকন’লজি মেছৰাৰ প্লেটিনাম জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে অনাগত সময়, কৃত্রিম বুদ্ধিমত্তা আৰু মেচিন লার্নিঙৰ উল্লেখযোগ্য উন্নতিৰ দ্বাৰা পৰিচালিত নাটকীয় পৰিৱৰ্তনৰ সাক্ষী হ’ব। ৰাষ্ট্ৰপতিগৰাকীয়ে বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ উল্লেখযোগ্য ভূমিকা সম্পৰ্কতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে উদ্ভাৱক আৰু উদ্যমীসকলে পৰম্পৰাগত সম্প্ৰদায়ৰ জ্ঞান ভিত্তিক দিশবোৰক আওকান কৰাতো উচিত নহয়। মহিলা সৱলীকৰণৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে বিজ্ঞান, প্রযুক্তি, অভিযান্ত্ৰিক আৰু গণিতত ছোৱালীসকল পিছপৰি থকা নাই। শ্রীমতী মুৰ্মুৱে বিৰলা ইনষ্টিটিউত অৱ টেকন’লজি মেছৰাই ৭০ বছৰ সম্পূৰ্ণ কৰাৰ লগতে শিক্ষা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে গৌৰৱ অনুভৱ কৰা বুলিও প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক