August 13, 2024 3:15 PM | Central Govt.

printer

চৰকাৰে সাগৰীয় মাছ ধৰা জাহাজত মাছমৰীয়াসকলৰ ব্যৱসায় আৰু নিৰাপত্তা বৃদ্ধিৰ বাবে ১ লাখ নিৰ্দিষ্ট সঁহাৰি প্ৰেৰণ কৰিব পৰা আহিলা স্থাপন কৰিব

চৰকাৰে সাগৰীয় মাছ ধৰা জাহাজত মাছমৰীয়াসকলৰ ব্যৱসায় আৰু নিৰাপত্তা বৃদ্ধিৰ বাবে ১ লাখ নিৰ্দিষ্ট সঁহাৰি প্ৰেৰণ কৰিব পৰা আৰু সংকেত গ্ৰহণ কৰিব পৰা বৈদ্যুতিক আঁহিলা স্থাপন কৰিব। নতুন দিল্লীত অনুষ্ঠিত মীন খণ্ডত মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগ সম্পৰ্কীয় আলোচনাচক্ৰত ভাগ লৈ কেন্দ্ৰীয় মীন ৰাজ্যিক মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে কৈছে যে যদি কোনো মাছমৰীয়াই সামুদ্রিক সীমা অতিক্ৰম কৰে, তেন্তে এই বৈদ্যুতিক আঁহিলাসমূহে সতর্কতা জাৰি কৰিব। উল্লখযোগ্য যে দেশৰ অর্থনীতিত মীন খণ্ডই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। শ্রী সিঙে কয় যে মহাকাশ প্রযুক্তিয়ে মীন ব্যৱস্থাপনা আৰু উন্নয়নত বিশেষ ভূমিকা গ্ৰহণ কৰিব। তেওঁ কয় যে দেশে বাৰ্ষিক ৬০ হাজাৰ কোটিতকৈও অধিক টকা মাছকে ধৰি অন্যান্য সামুদ্রিক উৎপাদন ৰপ্তানিৰ জৰিয়তে আহৰণ কৰে। দেশৰ প্ৰায় ৩ কোটি লোক মীন ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে আৰু চৰকাৰ মাছমৰীয়াসকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ দোহাৰে।

অধিক পঢ়ক

সকলো চাওক