March 29, 2024 7:43 PM | modi digital

printer

চৰকাৰে সকলো গাঁৱলৈ ডিজিটেল সুবিধা সম্প্ৰসাৰণ কৰি আছেঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি চৰকাৰে সকলো গাঁৱলৈ ডিজিটেল সুবিধা সম্প্ৰসাৰণ কৰি আছে বুলি মন্তব্য কৰিছে। বিল গেটছৰ সৈতে মত বিনিময় কৰি শ্ৰী মোদীয়ে কয় যে কৃষি, স্বাস্থ্য আৰু শিক্ষাত প্রযুক্তিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে। যেতিয়া বিশ্বত ডিজিটেল বিভাজনৰ কথা প্রথমে ওলাইছিল, তেতিয়াই প্ৰধানমন্ত্ৰীয়ে সিদ্ধান্ত লৈছিল যে ভাৰতত এই বিভাজনৰ কোনোধৰণৰ কুপ্ৰভাৱ তেওঁ পৰিবলৈ নিদিয়ে। কৃত্রিম বুদ্ধিমত্তাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কৈছে যে যদি আমি এলাহৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰ কৰো, তেন্তে ই ভুল পথ। তেওঁ লগতে কয় যে যদিহে যাদুকৰী আহিলা হিচাপে কৃত্রিম বুদ্ধিমত্তা হয়, তেন্তে ই অন্যায়ৰ সৃষ্টি কৰিব। কৃত্রিম বুদ্ধিমত্তা অত্যন্ত ভাল আহিলা, কিন্তু উপযুক্ত প্রশিক্ষণ নোপোৱা কাৰোবাৰ হাতত পৰিলে ইয়াৰ অপব্যৱহাৰ হোৱাৰ সম্ভাৱনা আছে। প্রধানমন্ত্ৰীগৰাকীয়ে কৈছে যে ছেটজিপিটিৰ সৈতে মানুহৰ প্ৰতিযোগিতা হ’ব লাগে আৰু কৃত্রিম বুদ্ধিমত্তাতকৈ আগবাঢ়ি যাবলৈ মানুহে চেষ্টা কৰিব লাগে। প্রধানমন্ত্ৰীগৰাকীয়ে কৃত্রিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি হোৱা বিষয়বস্তুৰ ওপৰত স্পট ৱাটাৰমাৰ্ক থাকিব লাগে বুলি উল্লেখ কৰি কয় যে এইধৰণৰ চিহ্ন থাকিলে কোনোৱেই বিপথে পৰিচালিত নহয়। স্বাস্থ্যখণ্ডৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় ২ লাখ আয়ুষ্মান আৰোগ্য মন্দিৰ গাঁৱে-ভূঞে নিৰ্মাণ কৰা হৈছে আৰু এই স্বাস্থ্যকেন্দ্ৰসমূহ সাঁকো হিচাপে আধুনিক প্রযুক্তিৰে উন্নত চিকিৎসালয়ৰ সৈতে সংযুক্ত কৰা হৈছে। তেওঁ কয় যে ভাৰতে একচেতিয়া অধিকাৰ ৰোধ কৰিবলৈ প্ৰযুক্তিৰ গণতান্ত্রিকভাৱে ব্যৱহাৰ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতত আইনী পৰিকাঠামো আছে যদিও জনসচেতনতাও সমানেই গুৰুত্বপূর্ণ। ভাৰতত নতুন প্রযুক্তি গ্ৰহণৰ বাবে মহিলাসকলক আগবঢ়াই দিয়া হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে নমো ড্রোন দিদি আঁচনি সফলতাৰে চলি আছে। শ্ৰী মোদীয়ে কৈছে যে বর্তমান মানুহৰ মানসিকতা সলনি হৈছে, কাৰণ যেতিয়াই তেওঁ নমোঃ ড্ৰোন দিদিৰ সৈতে মত বিনিময় কৰে, তেতিয়া তেওঁলোকে কয় যে পূর্বে এই মহিলাসকলে চাইকেল চলাব নাজানিছিল, কিন্তু বৰ্তমান ড্রোন উৰুৱাব পাৰে। ভাৰতে আয়োজন কৰা জি-টুৱেণ্টী সন্মিলনৰ বিষয়ে উল্লেখ কৰি শ্ৰী মোদীয়ে কৈছে যে জি-টুৱেণ্টী শীর্ষ সন্মিলন আৰু ইয়াৰ কাৰ্যসূচীসমূহৰ বিষয়ে পূৰ্বে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ মতে সমগ্ৰ বিশ্বই এতিয়া জি-টুৱেণ্টীৰ মূল লক্ষ্য আৰু উদ্দেশ্যসমূহ বুজি পাইছে আৰু সেইবোৰ প্ৰয়োগ কৰাত আগভাগ লৈছে। নৱীকৰণযোগ্য শক্তি সন্দৰ্ভত শ্ৰী মোদীয়ে কৈছে যে ভাৰতে এইখণ্ডত দ্রুতগতিত আগবাঢ়িছে। তেওঁ লগতে কয় যে দেশে হাইড্ৰ’জেন ইন্ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰত আগভাগ ল’বলৈ ইচ্ছা প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক