চৰকাৰে মাইক্ৰ’চট চফ্‌ফ্টৱেৰত হোৱা খেলিমেলি সন্দৰ্ভত যোগাযোগ ৰক্ষা কৰি আছে : অশ্বিনী বৈষ্ণৱ

চৰকাৰে মাইক্ৰ’চট চফ্‌ফ্টৱেৰত হোৱা খেলিমেলি সন্দৰ্ভত মাইক্ৰ’চফ্‌ট আৰু ইয়াৰ সহযোগী কোম্পানীসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। কেন্দ্রীয় তথ্য-প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে সামাজিক মাধ্যমযোগে কৈছে যে, এই খেলিমেলিৰ কাৰণ চিনাক্ত কৰা হৈছে আৰু সমস্যা সমাধানৰ বাবে আপডেট জাৰি কৰা হৈছে। ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ নেটৱৰ্ক প্ৰভাৱিত হোৱা নাই বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ইপিনে, ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দলে এই সমস্যা সন্দৰ্ভত পৰামৰ্শ জাৰি কৰিছে। এই পৰামৰ্শাৱলীত ক্লাউড স্ট্রাইক এজেণ্ট ফাল্কন চেঞ্চৰ সম্পৰ্কীয় উইণ্ড’জৰ শেহতীয়া আপডেট বাবে সমস্যাৰ সৃষ্টি হোৱা বুলি আৰু সম্পূৰ্ণৰূপে বিকল হোৱা বুলি উল্লেখ কৰা হৈছে। ক্লাউড ষ্ট্রাইকৰ শেহতীয়া আপডেটৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছে আৰু ক্লাউড স্ট্রাইক দলে এই সাল-সলনি বাতিল কৰি পূৰ্বৰ অৱস্থালৈ লৈ গৈছে। ইফালে, অসামৰিক বিমান পৰিবহণ ৰাজ্য মন্ত্ৰী মুৰলীধৰ মোহোলে মাইক্ৰ’চট্টৰ খেলিমেলি সন্দৰ্ভত কৈছে যে, কোম্পানীটোৰ ক্লাউড সেৱা বন্ধ হোৱাৰ বাবে সমগ্ৰ বিশ্ব সমস্যাৰ সন্মুখীন হৈছে। তেওঁ কয় যে, ইয়াৰ বাবে ভাৰততো বিমান সেৱা ব্যাহত হৈছে। তেওঁ কয় যে, অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। মাইক্ৰ’চট চফ্টৱেৰত হোৱা খেলিমেলিৰ বাবে সমগ্ৰ বিশ্বৰ লাখ লাখ লোক প্ৰভাৱিত হৈছে। ইয়াৰ ফলত ব্যৱসায়ী, বেংকিং সেৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাৰ আই টি নেটৱৰ্কত ব্যাঘাত জন্মিছে। ভাৰতত ইণ্ডিগ’, অকাছা আৰু স্পাইচ জেড এয়াৰলাইনছত চেক ইন ব্যৱস্থা বন্ধ হৈছে। মুম্বাই বিমান বন্দৰত ইয়াৰ সৰ্বাধিক প্ৰভাৱ পৰিলক্ষিত হোৱাৰ বিপৰীতে দিল্লী বিমান বন্দৰত আটাইতকৈ কম প্রভাৱ পৰা দেখা গৈছে। বিশ্বৰ কেইবাটাও বিমান পৰিবহণ প্রতিষ্ঠানে পুৱাৰ পৰা চেক ইন ব্যৱস্থা ব্যাহত হোৱা বুলি প্ৰকাশ কৰিছে। এই সমস্যাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত কেইবাখনো বিমানৰ উৰণ বাতিল কৰিবলগীয়া হয়।

অধিক পঢ়ক

সকলো চাওক