প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, চৰকাৰে মণিপুৰৰ পৰিস্থিতি সুচল কৰি তোলাৰ বাবে অহৰহ প্রয়াস চলাই আছে। ৰাজ্যসভাত আজি সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দিয়া ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কে আলোচনাৰ উত্তৰ দি প্রধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে মণিপুৰত শান্তি-সম্প্রীতি সুনিশ্চিত কৰাৰ বাবে সকলো পক্ষৰ সৈতে আলোচনা চলাই আছে। গৃহ মন্ত্ৰীয়ে মণিপুৰলৈ গৈ নিজে শান্তি প্ৰচেষ্টাত নেতৃত্ব দিছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে, সমস্যাৰ সমাধানসূত্ৰ উলিওৱাৰ লগতে শান্তি সুনিশ্চিত কৰাৰ কামত জ্যেষ্ঠ বিষয়াসকলকো নিয়োগ কৰা হৈছে। তেওঁ লগতে কয় যে, মণিপুৰৰ হিংসাত্মক ঘটনা ক্রমাৎ হ্ৰাস পোৱাৰ কথা আমি স্বীকাৰ কৰিবই লাগিব। মণিপুৰত বিদ্যালয়, মহাবিদ্যালয়, কাৰ্য্যালয় আৰু অন্য প্ৰতিষ্ঠানসমূহে স্বাভাৱিকভাৱে কাম কৰি আছে বুলি প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে মণিপুৰৰ সাম্প্ৰতিক বানক লৈও উদ্বেগ প্রকাশ কৰে। তেওঁ কয় যে, এন ডি আৰ এফৰ দুটা দল বান সাহায্যৰ কামত নিয়োগ কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে কাম কৰি আছে। ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ উত্তৰ দি প্রধানমন্ত্রীয়ে কংগ্রেছক দলটোক সংবিধানৰ সবাতোকৈ ডাঙৰ বিৰোধী আখ্যা দিছে। শ্ৰীমোদীয়ে কংগ্ৰেছৰ মানসিকতাই অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ বিৰোধিতাৰ বুলি অভিযোগ তোলে। প্রধান বিৰোধী দলটোৱে প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক অপমান কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে, দলটোৱে ৰাষ্ট্ৰপতি মুৰ্মুকো অপমান কৰাৰ সুযোগ বিচাৰি ফুৰে ৷ তেওঁ কয় যে, ভাৰতীয় সংবিধানখন কেৱল কেইটামান অনুচ্ছেদৰ সমষ্টিয়েই নহয়, বৰঞ্চ ইয়াৰ মাজত নিহিত হৈ থকা প্ৰাণচঞ্চলতা আৰু শব্দসমূহ চৰকাৰৰ বাবে অতিশয় মূল্যৱান। প্রধানমন্ত্ৰীগৰাকীয়ে সংবিধানখনক চৰকাৰখনক পথ নির্দেশনা প্ৰদান কৰিব পৰাকৈ এটা আলোকস্তম্ভ বুলি অভিহিত কৰে। বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ অৱদানসমূহৰ শলাগ লৈ তেওঁ কয় যে, দেশৰ সংবিধানে সম্প্ৰতি ৭৫ বছৰ পূৰ কৰাৰ দিশে অগ্ৰসৰ হৈছে। নিজৰ বক্তব্যত শ্রীমোদীয়ে সম্প্ৰতি জনসাধাৰণৰ উৎসৱত পৰিণত হোৱা সংবিধান দিৱস উদযাপনৰ বিৰোধিতা কৰা সকলৰ সমালোচনাত সৰৱ হৈ পৰে। এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্য্যকালৰ ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত শ্রীমোদীয়ে কয় যে, দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ চৰকাৰৰ মুখ্য কাৰ্য্যসূচী হ’ব আৰু তৃতীয় কাৰ্য্যকালত দেশ এই সমস্যাৰ বিৰুদ্ধে বিজয়ী হ’ব। শ্রীমোদীয়ে কয় যে, কল্যাণমূলক আঁচনিৰ গতিৰ গভীৰতা আৰু সম্প্ৰসাৰণ চৰকাৰৰ মুখ্য অগ্ৰাধিকাৰ হ’ব। চৰকাৰ ইয়াৰ তৃতীয় কাৰ্য্যকালত দেশক বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থব্যৱস্থাৰূপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে, পৰৱৰ্তী ৫ বছৰত ৰাজহুৱা পৰিবহণ ব্যৱস্থাত আমূল পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। শ্রীমোদীয়ে কয় যে, প্রধানমন্ত্রী কিষাণ সম্মান যোজনাৰ অধীনত ১০ কোটিৰো অধিক কৃষক উপকৃত হৈছে আৰু যোৱা ছটা বছৰত খেতিয়কসকলক ৩ লাখ কোটি টকা প্রদান কৰা হৈছে। কোৱিড মহামাৰীৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বান সত্ত্বেও দেশৰ অৰ্থব্যৱস্থা দশম স্থানৰ পৰা পঞ্চম স্থানলৈ উন্নীত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, জনসাধাৰণে বৰ্তমান চৰকাৰে বিগত ১০ বছৰত কৰা কামৰ প্ৰতি সমৰ্থন আগবঢ়াইছে আৰু তেওঁলোকে প্ৰদৰ্শনক বাছি লৈছে। ছটা দশকৰ পাছত জনসাধাৰণে কোনো এখন চৰকাৰক একেৰাহে তৃতীয়বাৰৰ বাবে বাছনি কৰা বুলিও শ্রীমোদীয়ে মন্তব্য কৰে। দুৰ্নীতি সন্দৰ্ভত শ্রীমোদীয়ে কয় যে, কেন্দ্রীয় সংস্থাসমূহক উৎকোচৰ গোচৰৰ ক্ষেত্ৰত পূর্ণ স্বাধীনতা প্ৰদান কৰা হৈছে। প্রধানমন্ত্রীয়ে বক্তব্য প্রকাশ কৰা সময়ত কংগ্ৰেছ, ডি এম কে, টি এম চি, আম আদমী পাৰ্টি আৰু আন বিৰোধী দলৰ সদস্যসকল সদনৰ মজিয়ালৈ উঠি আহি হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰাত সভাপতি জগদীপ ধনখড়ে তেঁওলোকক নিজ নিজ আসনলৈ উভতি যাবলৈ আহ্বান জনায়। ইয়াৰ পাছত বিৰোধী সাংসদসকলে সদন ত্যাগ কৰে। বিৰোধীৰ সদন ত্যাগৰ পৰিপ্ৰেক্ষিতত প্রধানমন্ত্ৰীয়ে, তেওঁলোকৰ নিজে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ শুনিবলৈ সাহস নাই বুলি মত প্ৰকাশ কৰি এই কাৰ্যক তেওঁ উচ্চ সদনৰ প্ৰতি অৱজ্ঞা বুলি অভিহিত কৰে। আনহাতে ৰাজ্যসভাৰ সভাপতিগৰাকীয়েও বিৰোধী পক্ষই সদন ত্যাগ কৰা কাৰ্যক লৈ অসন্তুষ্টি ব্যক্ত কৰে। ইয়াৰ পূৰ্বে আজি পুৱা সদন মিলিত হোৱাৰ সময়ত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱক লৈ আলোচনা আৰম্ভ হোৱাৰ পাছতেই ইউ পি পি এল দলৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে এক্ট ইষ্ট পলিচিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে, চৰকাৰৰ এই নীতিয়ে উত্তৰ-পূৰ্বাঞ্চললৈ শান্তি কঢ়িয়াই আনিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনে ব্যাপক হাৰত উন্নয়নৰ মুখ দেখিছে বুলিও তেওঁ লগতে মত প্ৰকাশ কৰে। আনহাতে সদনত আজি উত্তৰ প্ৰদেশৰ হাথৰছত কালি পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্রদ্ধাঞ্জলি নিবেদন কৰে। সভাপতি জগদীপ ধনখড়ে এই ঘটনাক অতিশয় দুখজনক আৰু দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে। বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খার্গেই এনে ঘটনা প্রতিহিত কৰাৰ বাবে আইন প্ৰণয়নৰ পোষকতা কৰে।
Site Admin | July 3, 2024 8:04 PM | PM Manipur