চৰকাৰে বিগত দশকত কৰ প্ৰশাসনত আমূল পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছেঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে, কৰ আৰোপৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ মূল উদ্দেশ্য হৈছে কৰ আইন তথা প্ৰক্ৰিয়াৰ সৰলীকৰণ আৰু দেশৰ বিকাশ ত্বৰান্বিত কৰাৰ লগতে কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰা। লোকসভাত আজি বিত্ত বিধেয়ক ২০২৪ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমনে কয় যে, চৰকাৰে বিগত দশকত কৰ প্ৰশাসনত আমূল পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। চৰকাৰে কৰ বহু বেছি বৃদ্ধি নকৰাকৈ অধিক স্বচ্ছতাৰ লগতে নিয়ম পালন প্ৰক্ৰিয়াৰ সৰলীকৰণৰ সৈতে সহজ কৰ আৰোপ ব্যৱস্থা প্রনয়ন কৰিছে।
মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কৰৰ বোজা বৃদ্ধি পোৱা বুলি কৰা দাবী খণ্ডন কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ২০২৩ চনত ব্যক্তিগত আয়কৰৰ স্তৰ যথেষ্ট উদাৰ কৰা হৈছে। তেওঁ কয় যে, সকলো কৰদাতাৰ কৰৰ ডেনা পাওনা ৩৭ হাজাৰ ৫০০ টকা হ্ৰাস পাইছে আৰু ইয়াৰ পৰা মধ্যবিত্ত শ্রেণী উপকৃত হৈছে।
বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, এইবাৰৰ বাজেটত বেতনভোগী কৰ্মচাৰীৰ বাবে ষ্টেণ্ডার্ড ডিডাকচন ৫০ হাজাৰৰ পৰা ৭৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত বেতনভোগী কৰ্মচাৰীসকলে ১৭ হাজাৰ ৫শ টকা পৰ্যন্ত সকাহ লাভ কৰিব। তেওঁ কয় যে, নতুন পেঞ্চন ব্যৱস্থা বাচি লব খোজা ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ বেংক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত নিয়োগকৰ্তাৰ যোগদান ১০ শতাংশৰ পৰা ১৪ শতাংশলৈ বৃদ্ধি কৰা হৈছে। বিগত দুবছৰত মধ্যবিত্ত শ্রেণীক যথেষ্ট সকাহ প্ৰদান কৰা হৈছে বুলি শ্ৰীমতী সীতাৰমনে দাবী কৰে। তেওঁ কয় যে, কোৱিড মহামাৰীৰ সন্মুখীন হোৱাৰ বাবদ হোৱা ব্যয়ৰ জোৰা মৰাৰ বাবে কোনো ধৰণৰ কৰ আৰোপ কৰা নাছিল। ২০২৪ বৰ্ষৰ অন্তৱৰ্তী বাজেটত ৯০ লাখ কৰাতাৰ সত্যাসত্য পৰীক্ষা নকৰাকৈ ক্ষুদ্ৰ আৰু পূৰণি কৰ দাবী অভিলেখৰ পৰা আঁতৰ কৰা হৈছিল। এঞ্জেল টেক্সৰ বিলুপ্তি সাধনৰ পৰা ষ্টাৰ্ট আপসমূহে সকাহ লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
পৰোক্ষ কৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় সুবিধাজনক কৰি তোলাৰ বাবে সীমা শুল্কৰ প্ৰক্ৰিয়া সৰল কৰি তোলাৰ উদ্দেশ্যে ভালেমান পদক্ষেপ লোৱা হৈছে। ইয়াৰ ফলত ঘৰুৱা উৎপাদন আৰু ৰপ্তানিৰ প্রতিযোগিতা বৃদ্ধি পাব। তেওঁ কয় যে, কেচা সামগ্ৰীৰ মূল্য আৰু ঘৰুৱা উৎপাদন ব্যয় হ্ৰাস কৰাৰ উদ্দেশ্যে বাজেটত তালিকাভূক্ত ভালেমান সামগ্ৰীৰ সীমা শুল্ক কম কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক