চৰকাৰে পশ্চিমবংগত জনজাতীয় লোকৰ বাবে ৮ খন নতুন স্কুল নিৰ্মাণ কৰিছে : প্ৰধানমন্ত্ৰী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ চৰকাৰে পশ্চিমবংগত জনজাতীয় লোকৰ বাবে ৮ খন নতুন স্কুল নিৰ্মাণ কৰিছে। প্রধানমন্ত্ৰীয়ে লগতে তেওঁৰ চৰকাৰে জনজাতীয় গৌৰৱ দিৱস পালন কৰাৰ কথাও উল্লেখ কৰে। দেশৰ ৰাষ্ট্ৰপতি বৰ্তমান এগৰাকী আদিৱাসী মহিলা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে দলিত আৰু জনজাতীয় মহিলাসকলৰ ওপৰত শাসনত থকা তৃণমূলক কংগ্ৰেছ চৰকাৰে শোষণ কৰা বুলি অভিযোগ কৰে। পশ্চিমবংগৰ বালুঘাট লোকসভা সমষ্টিত বিজয় সংকল্প যাত্ৰাৰ এখন বৈঠকত ভাষণ দি শ্রীমোদীয়ে আজি এইদৰে কয়। সমষ্টিটোৰ বিজেপি প্রার্থীগৰাকীৰ সমৰ্থনত এখন জনসভা সম্বোধন কৰি তেওঁ বিজেপি পুনৰবাৰ শাসনলৈ আহিলে অধিক সৌৰ পেনেল স্থাপন কৰা হ’ব আৰু বিদ্যুৎ মাছুল শূন্যত পৰিণত হ’ব বুলি আশ্বাস দিয়ে। তদুপৰি ৩ কোটি নতুন গৃহও নিৰ্মাণ কৰা হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে। তেওঁ কয় যে, বিজেপি চৰকাৰে মৰাপাটৰ খেতিয়কসকলক উৎসাহিত কৰি আহিছে আৰু মৰাপাট মিল তথা ইয়াৰ সৈতে জড়িত কাৰিকৰসকলৰ বাবে বহু সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্রী বিশ্বকৰ্মা আঁচনিয়ে ১৮ বিধ পৰম্পৰাগত কামৰ শিল্পৰ সমৰ্থনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে লগতে কয় যে, ইয়াৰ বাবে চৰকাৰে ১৩ হাজাৰ কোটি টকা ব্যয় কৰিছে। শ্রীমোদীয়ে আজি ৰাজ্যখনৰ ৰায়গঞ্জ সংসদীয় সমষ্টিৰ আন এখন প্ৰচাৰ সভাতো অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক