August 1, 2024 8:38 PM | India Govt.

printer

চৰকাৰে পথ দুৰ্ঘটনাৰ বলি হোৱা লোকসকললৈ নগদ ধন ৰহিত চিকিৎসা প্ৰদান কৰিছেঃ নীতিন গাডকাৰী

চৰকাৰে পথ দুৰ্ঘটনাৰ বলি হোৱা লোকসকললৈ নগদ ধন ৰহিত চিকিৎসা প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধীকৰণৰ সহযোগত চণ্ডীগড় আৰু অসমত পৰীক্ষামূলকভাৱে এনে চিকিৎসা প্রদান কৰা হৈছে। পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি লোকসভা এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, পথ দুৰ্ঘটনাত বলি হোৱা লোকসকলক আয়ুষ্মাণ ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত তালিকাভুক্ত চিকিৎসালয়ৰ ট্ৰমা আৰু পলিমা বিভাগত চিকিৎসা প্ৰদান কৰা হয়। ভুক্তভোগী লোকসকলক ৭দিনত ১.৫০ লাখ টকা পর্যন্ত সাহায্য প্ৰদান কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক