September 20, 2024 8:00 PM | Nadda

printer

চৰকাৰে দেশলৈ কাৰ্যক্ষমতা আৰু দায়বদ্ধতা অনাৰ লগতে সম্পূৰ্ণ লক্ষ্যত উপনীত হৈছে : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি দৃঢ়তাৰে কয় যে এন ডি এ চৰকাৰে দেশলৈ কাৰ্যক্ষমতা আৰু দায়বদ্ধতা অনাৰ লগতে সম্পূৰ্ণ লক্ষ্যত উপনীত হৈছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰ্যালয়ৰ সফলতাৰ বিষয়ে অৱগত কৰি শ্ৰী নাড্ডাই কয় যে চৰকাৰে আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা সম্প্ৰসাৰণৰ বাবে এটা উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে। এই আঁচনি যোগে ৭০ বছৰৰ ঊৰ্ধৰ সকলো নাগৰিককে বিনামূলীয়া স্বাস্থ্য বীমাৰ অধীনত ৫ লাখ টকালৈকে বীমা প্ৰদান কৰা হ’ব। এই আঁচনিৰ অধীনত মুঠ ৬ কোটি জ্যেষ্ঠ নাগৰিক উপকৃত হ’ব। শ্ৰী নাড্ডাই টীকাকৰণ সেৱাৰ ডিজিটেলাইজেচনৰ বাবে বিকশিত কৰা ইউ উইন পৰ্টেলৰ বিষয়ে উল্লেখ কৰি কয় যে ইয়াৰ দ্বাৰা গৰ্ভৱতী মহিলা আৰু শিশুৰ জন্মৰ পৰা ১৭ বছৰলৈকে সম্পূর্ণ টীকাকৰণ কৰোৱা হ’ব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাষ্ট্ৰীয় যক্ষ্মা নির্মূল কাৰ্যসূচীৰ অধীনত এতিয়া চমু আৰু অধিক ফলপ্ৰসূ চিকিৎসা পদ্ধতি উপলভ্য হৈছে, যাৰ ফলত চিকিৎসা সময় ছমাহলৈ হ্ৰাস পাইছে। দুৰ্যোগ বা স্বাস্থ্যৰ জৰুৰীকালীন অৱস্থাৰ বিষয়ে উল্লেখ কৰি শ্ৰী নাড্ডাই প’ৰ্টেবল মডিউলৰ সুবিধাসমূহৰ বিষয়ে উল্লেখ কৰি কয় যে এই সুবিধাসমূহ জৰুৰীকালীন অৱস্থাত জীৱন ৰক্ষাকাৰী সেৱা প্ৰদান কৰিবলৈ যুগুতোৱা হৈছে। এই অনুষ্ঠানত স্বাস্থ্য বিভাগৰ ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেল আৰু প্ৰতাপ ৰাও যাদৱসহ মন্ত্ৰ্যালয়ৰ আন আন জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক