প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, চৰকাৰে এখন আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰে কাম কৰি আছে আৰু বিভিন্ন ক্ষেত্ৰৰ সংস্কাৰৰ দিশে গৈ আছে। তেওঁ প্ৰকাশ কৰে যে, চৰকাৰে বিগত ১০ বছৰত প্ৰতিশ্ৰুতি অনুসৰি সংস্কাৰ, বিত্তীয় নিয়মানুৱৰ্তীতা, স্বচ্ছতা আৰু বিস্তাৰিত বিকাশ সাধন কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বিকাশ, নির্মাণ, ৰপ্তানি আৰু আনৱিক শক্তিৰ কেন্দ্ৰ হিচাপে ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ শীৰ্ষক এখন ৱেবিনাৰত ভাষণ দি প্রধানমন্ত্রীয়ে আজি এইদৰে কয়। তেওঁ কয়, যে সংস্কাৰৰ নিশ্চিত প্রতিশ্রুতিয়ে উদ্যোগ খণ্ডলৈ নতুন আত্মবিশ্বাস আনিছে। দেশৰ অৰ্থনীতিত ক’ভিডৰ প্ৰভাৱ হ্ৰাস কৰিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাই ভাৰতক এখন খৰতকীয়া বিকাশশীল অর্থনীতি হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছে বুলিও শ্রী মোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে বিশ্বৰ বহু দেশে এতিয়া ভাৰতৰ সৈতে তেওঁলোকৰ অৰ্থনৈতিক সম্বন্ধ শক্তিশালী কৰাত গুৰুত্ব দিছে। অর্থনীতিত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া প্রতিষ্ঠানসমূহৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি প্রধানমন্ত্ৰীয়ে কয়, যে এইসমূহ প্রতিষ্ঠানে এখন দেশৰ অর্থনৈতিক বিকাশত ৰূপান্তৰকৰণৰ ভূমিকা গ্ৰহণ কৰে৷
Site Admin | March 4, 2025 5:07 PM | narendra modi | PMO India
চৰকাৰে এখন আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰে কাম কৰি আছে আৰু বিভিন্ন ক্ষেত্ৰৰ সংস্কাৰৰ দিশে গৈ আছেঃ প্রধানমন্ত্ৰী
