কেন্দ্রীয় ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়াই কৈছে যে, চৰকাৰে উন্নত প্ৰশিক্ষণৰ বাবে খেলুৱৈ আৰু প্ৰশিক্ষকসকলক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ। শ্ৰীমন্দাভিয়াই কয় যে, খেলুৱৈসকলে যাতে বিভিন্ন প্রতিযোগিতাত উন্নত প্ৰদৰ্শন আগবঢ়াব পাৰে, তাৰ বাবে চৰকাৰে দেশত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি বিকশাই তুলিছে। নতুন দিল্লীত আজি পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰি উভতি অহা খেলুৱৈসকলক সম্বৰ্ধনা জনাই মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। সম্বৰ্ধনা জনোৱা খেলুৱৈসকলৰ ভিতৰত সোণৰ পদক বিজেতা অগ্নি লেখৰ, ৰূপৰ পদক বিজেতা মণীষ নৰৱাল আৰু প্ৰণৱ সুমা তথা ব্ৰঞ্জৰ পদক বিজেতা মোনা আগৰৱাল, ৰবীনা ফ্ৰান্সিছ আৰু ৰাকেশ কুমাৰ আছে। পেৰিছ পেৰালিম্পিকত আগবঢ়োৱা অভূতপূৰ্ব প্ৰদৰ্শনৰ বাবে খেলুৱৈসকলক প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁলোকে বৰ্তমানলৈকে ২৭ টা পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।
Site Admin | September 7, 2024 9:13 PM | Dr. Mansukh Mandaviya | Minister