চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে আজি এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰে। বৈঠকত চৰকাৰে আসন্ন বাজেট অধিৱেশনৰ সময়ছোৱাত সংসদৰ উভয় সদনৰ কাম-কাজ নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, কিৰেন ৰিজিজু, অর্জুন ৰাম মেঘৱাল, জে পি নাড্ডা, চিৰাগ পাচোৱান, ৰামদাস আঠাৱালে, কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আৰু গৌৰৱ গগৈ, এন চি পি নেতা প্রফুল পেটেল, ডি এম কেৰ নেতা টি.আৰ. বালু আৰু তিৰুছি শিৱা, আম আদমী পাৰ্টীৰ নেতা সঞ্জয় সিং আৰু এ আই এম আই এমৰ সাংসদ আছাদুদ্দিন ওরেছি প্ৰমুখ্যে ভালেসংখ্যক সাংসদে অংশগ্ৰহণ কৰে। সংসদৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ’ব। অধিৱেশনৰ প্ৰথম দিনা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সদনত অর্থনৈতিক জৰীপ দাখিল কৰিব। অর্থনৈতিক জৰীপে অৰ্থব্যৱস্থাৰ বিভিন্ন খণ্ডৰ পাৰিসাংখ্যিক তথ্য আৰু বিশ্লেষণ আগবঢ়ায়। ইয়াৰ জৰিয়তে কৰ্ম সংস্থাপন, মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ আৰু মুদ্রাস্ফীতিৰ তথ্যও লাভ কৰিব পৰা যায়। বিত্তমন্ত্ৰীগৰাকীয়ে পৰহিলৈ সদনত ২০২৪-২৫ বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব। এয়া হ’ব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সুদূৰপ্ৰসাৰী নীতি আৰু ভৱিষ্যৎ পৰিকল্পনাৰ নথি হ’ব বুলি প্ৰকাশ কৰিছিল। চৰকাৰে বাজেট অধিৱেশনত সংসদত ছখন নতুন বিধেয়ক দাখিল কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক, বইলাৰ বিধেয়ক, ভাৰতীয় বায়ুযান বিধেয়ক, কফি প্ৰসাৰ আৰু উন্নয়ন বিধেয়ক আৰু ৰবৰৰ প্ৰসাৰ আৰু উন্নয়ন বিধেয়ক আছে।
Site Admin | July 21, 2024 6:47 PM | All Party Meet