ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে, চৰকাৰে অনুসূচীত জনজাতিকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সৱলীকৰণৰ ক্ষেত্ৰত কাম কৰি আছে বুলি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি ভৱনত আজি দেশৰ বিভিন্ন ৰাজ্যৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ পৰা সমবেত হোৱা অনুসূচীত জনজাতিৰ মহিলা প্রতিনিধিসকলক উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এনেদৰে কয়। মহিলা সৱলীকৰণক ভাৰতীয় গণতন্ত্ৰৰ মেৰুদণ্ড বুলি উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে দেশৰ সংবিধানে মহিলাসকলক সমান অধিকাৰ প্ৰদান কৰিছে বুলি মত প্ৰকাশ কৰে।
Site Admin | January 6, 2025 7:33 PM | Prez News
চৰকাৰে অনুসূচীত জনজাতিকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সৱলীকৰণৰ ক্ষেত্ৰত কাম কৰি আছে : ৰাষ্ট্ৰপতি
