September 8, 2024 11:17 AM | Abu Dhabi Prince

printer

চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ  আবু ধাবিৰ যুৱৰাজ

আবু ধাবিৰ যুৱৰাজ শ্বেইখ খালিদ বিন মহম্মদ বিন জায়দ অল নাহয়ান আজি চৰকাৰী ভ্ৰমণসূচীৰে ভাৰত পাবহি। শ্বেইখ খালিদৰ সৈতে মন্ত্ৰী, জ্যেষ্ঠ বিষয়া, আগশাৰীৰ ব্যৱসায়ী আৰু ইউ এ ইৰ অৰ্থনৈতিক অংশীদাৰৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো ভাৰতলৈ আহিব। ভ্ৰমণ কালত অভ্যাগত যুৱৰাজগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। তেওঁ লগতে জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও আলোচনাত মিলিত হোৱাৰ কথা আছে। এই আলোচনাৰ জৰিয়তে গুৰুত্বপূৰ্ণ অর্থনৈতিক ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ লগতে দুয়োখন দেশৰ জনসাধাৰণৰ পাৰস্পৰিক লাভালাভৰ বাবে ইতিমধ্যে উপনীত হোৱা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিসমূহ আগবঢ়াই নিয়াৰ সুযোগৰ অন্বেষণ কৰা হ’ব । উচ্চ পৰ্যায়ৰ বৈঠকসমূহৰ উপৰি শ্বেইখ খালিদে দুয়ো দেশৰ মাজৰ শক্তিশালী, অর্থনৈতিক আৰু সাংস্কৃতিক এনাজৰীৰ ওপৰত আলোকপাত কৰা ভালেমান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীসমূহৰ জৰিয়তে ভাৰত আৰু ইউ এ ইৰ মাজত বিভিন্ন ক্ষেত্ৰৰ সমন্বয়ত আলোকপাত কৰা হ’ব। অর্থনীতি আৰু বহনক্ষম উন্নয়ন, বিনিয়োগ, বাণিজ্য আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰত আৰু ইউ এ ইৰ মাজৰ বৰ্তমানৰ ইতিবাচক সহযোগিতা আন্তঃৰাষ্ট্ৰীয় আৰ্হি ৰূপে পৰিগণিত হৈছে। দুয়োখন দেশে দ্বিপাক্ষিক সম্পৰ্কৰ জৰিয়তে গোলকীয় সুস্থিৰতা আৰু শান্তিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰি আহিছে । যুৱৰাজগৰাকীৰ এই ভ্রমণে ভাৰত আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ইউ এ ইৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব ।

অধিক পঢ়ক

সকলো চাওক