চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ’ব প্রধানমন্ত্ৰী মোদী

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ’ব। নতুন দিল্লীত শুকুৰবাৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে কয় যে, ব্রুনেইৰ চুলতান হাজী হছনল বোলকিয়াৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদী কাইলৈ ব্ৰুনেৰ ডাৰুচ্ছালামত উপস্থিত হ’ব৷ এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক ব্রুনেই যাত্ৰা হ’ব বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰত আৰু ব্রুনেইৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৪০ সংখ্যক বাৰ্ষিকীৰ সময়ত প্রধানমন্ত্রী মোদী দেশখনলৈ যাব। শ্ৰীজয়ছোৱালে কয় যে, প্রধানমন্ত্রী মোদী তেওঁৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্রধানমন্ত্ৰী লঞ্চে ৱঙৰ নিমন্ত্ৰণ মৰ্মে বুধবাৰে ছিংগাপুৰত উপস্থিত হ’ব।

অধিক পঢ়ক

সকলো চাওক