June 30, 2024 7:01 PM | Health Minister

printer

চৰকাৰী চিকিৎসকে কৰ্তব্যৰ সময়চোৱাত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা আগবঢ়াব নোৱাৰিঃ স্বাস্থ্য বিভাগ

চৰকাৰী চিকিৎসকে কৰ্তব্যৰ সময়চোৱাত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা আগবঢ়াব নোৱাৰিব বুলি ৰাজ্যৰ স্বাস্থ্য বিভাগে নিৰ্দেশনা জাৰি কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে স্বাস্থ্য, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিঙে এই সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিবলৈ এখন পত্র প্ৰেৰণ কৰে। এই পত্রযোগে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপককে ধৰি চৰকাৰী চিকিৎসকে ব্যক্তিগত চিকিৎসা সেৱাত যাতে জড়িত নাথাকে সেয়া নিশ্চিত কৰিবলৈ সকলো ব্যক্তিগত খণ্ড চিকিৎসালয়ক স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ জৰিয়তে নিৰ্দেশনা দিবলৈ অনুৰোধ জনোৱা হৈছে। এই নির্দেশনা যাতে সঠিকভাৱে পালন হয় তাৰ বাবে সময়ে সময়ে ব্যক্তিগত খণ্ড চিকিৎসালয়সমূহ পৰিদৰ্শন কৰিবলৈ পত্ৰখনত উল্লেখ কৰা হৈছে। একেদৰে নিয়ম ভংগ কৰা ব্যক্তিগত চিকিৎসালয়, নাৰ্ছিং হোমৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। লগতে ব্যক্তিগত চিকিৎসালয় পৰিদৰ্শনৰ মাহটোৰ তথ্য চৰকাৰক অৱগত কৰিব লাগিব বুলি পত্ৰত উল্লেখ কৰে। উল্লেখযোগ্য যে যোৱা ২৭ জুনত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি কৰ্তব্যৰ সময়ত কোনো ব্যক্তিগত চিকিৎসালয়ত ব্যস্ত হৈ নাথাকে তাৰ বাবে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছিল। এই নিৰ্দেশৰ পাছতে সমগ্র বিষয়টোক লৈ স্বাস্থ্য, শিক্ষা আৰু গৱেষণা বিভাগে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগলৈ পত্ৰ প্ৰেৰণ কৰে।

অধিক পঢ়ক

সকলো চাওক