ডাউনলোড
মোবাইল এপ

android apple
signal

November 24, 2024 12:29 PM | Mann Ki Baat

printer

চৰকাৰী কাৰ্যলয়ৰ দশক-দশক পুৰণি ফাইল আৰু ব্যৱহাৰ নোহোৱা পুৰণি সামগ্ৰী আঁতৰ কৰাৰ বাবে বিশেষ পৰিস্কাৰ-পৰিচ্ছন্নতা অভিযান আৰম্ভ কৰাৰ কথা প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকাশ

পৰিস্কাৰ-পৰিচ্ছন্নতা সন্দৰ্ভত আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে চৰকাৰী কাৰ্যলয়ৰ দশক-দশক পুৰণি ফাইল আৰু ব্যৱহাৰ নোহোৱা পুৰণি সামগ্ৰী আঁতৰ কৰাৰ বাবে বিশেষ পৰিস্কাৰ-পৰিচ্ছন্নতা অভিযান আৰম্ভ কৰা হৈছে। তেওঁ কয় যে চৰকাৰী বিভাগসমূহত এই আঁচনি ফলদায়ক ৰূপে পৰিগণিত হৈছে আৰু কাৰ্যালয়সমূহত যথেষ্ঠ ঠাই ওলাইছে। ভাৰতত আৱৰ্জনাৰ পৰা সম্পদ প্রাচীন অৱধাৰণা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰা আৰু বহনক্ষম জীৱন শৈলীৰ প্ৰসাৰৰ বাবে কাম কৰা একাংশ যুৱক-যুৱতীৰ উদাহৰণ দিয়ে। এই প্ৰসংগত ঈতিশাৰ উদাহৰণ দি শ্রীমোদীয়ে কয় যে যুৱতীগৰাকীয়ে কৰ্প’ৰেট জগতৰ জাকজমকতা ত্যাগ কৰি অৰুণাচল প্ৰদেশৰ ছংতি উপত্যকাৰ পৰিস্কাৰ-পৰিচ্ছনতাৰ কামত নিজকে উৎসৰ্গা কৰিছে। উপত্যকাটোত পৰ্যটকৰ বাবে ভালেখিনি প্লাষ্টিক আৱৰ্জনা গোট খাইছিল আৰু এই আৱৰ্জনাৰ বাবে উপত্যকাটোৰ নদ-নদীসমূহ প্ৰদূষিত হৈ পৰিছিল। ঈতিশাই সেই অঞ্চলৰ থলুৱা জনসাধাৰণৰ সৈতে লগ লাগি এই নৈসমূহ প্ৰদূষণমুক্ত কৰাৰ বাবে কাম কৰি আছে। এনে ধৰণৰ প্ৰচেষ্টাই দেশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযানত গতি প্ৰদান কৰা বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী -এনচিচি দিৱস উপলক্ষে শ্রীমোদীয়ে শিক্ষাৰ্থীৰ বাহিনীৰ সদস্য হৈ থকা সময়চোৱাৰ কথা স্মৰণ কৰে। তেওঁ কয় যে এন চি চিয়ে যুৱ প্ৰজন্মৰ মাজত অনুশাসন, নেতৃত্ব আৰু সেৱাৰ মনোভাৱ যোগাই তোলে। সম্প্রতি ২০ লাখৰো অধিক যুৱক-যুৱতী বাহিনীটোৰ সৈতে জড়িত হৈ আছে বুলি প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্রীমোদীয়ে লগতে অহা বছৰ স্বামী বিবেকানন্দৰ ১৬২ সংখ্যক জন্মবার্ষিকীৰ দিনা দিল্লীত বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে। দেশে স্বামী বিবেকানন্দৰ জন্মবার্ষিকী উপলক্ষে প্ৰতিবছৰে ১২ জানুৱাৰীত যুৱ দিৱস পালন কৰে। প্রধানমন্ত্ৰীয়ে কয় যে দেশৰ বিভিন্ন প্ৰান্তত কোটি কোটি যুৱক যুৱতীয়ে বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনাত অংশগ্রহণ কৰিব বুলি জানিবলৈ দিয়ে। দুহেজাৰ এনে যুৱক-যুৱতীক গাঁও, উন্নয়ন খণ্ড, জিলা আৰু ৰাজ্যসমূহৰ পৰা বাচনি কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। শ্রীমোদীয়ে এইবাৰৰ মন কী বাত অনুষ্ঠানত সমাজৰ বাবে নিস্বাৰ্থ ভাৱে কাম কৰা একাংশ যুৱক-যুৱতীৰ কথাত প্ৰকাশ কৰে ।

অধিক পঢ়ক

সকলো চাওক