ডাউনলোড
মোবাইল এপ

android apple
signal

December 28, 2024 9:48 PM

printer

চৰকাৰী আঁচনিত ভুৱা পঞ্জীয়নৰ বাবে শিৱিৰ আয়োজন কৰা একাংশ ব্যক্তিৰ বিৰুদ্ধে দিল্লীৰ উপ ৰাজ্যপালৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই বেচৰকাৰী লোকে প্ৰস্তাৱিত মহিলা সন্মান যোজনাৰ বাবে দিল্লীৰ বাসিন্দাৰ ব্যক্তিগত সৱিশেষ সংগ্ৰহ কৰা বুলি উঠা অভিযোগৰ তদন্তৰ নিৰ্দেশ দিছে। তেওঁ লগতে আৰক্ষী আয়ুক্তই নাগৰিকসকলৰ গোপনীয়তা ৰক্ষাৰ অধিকাৰ খৰ্ব কৰা ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীয়ে ক্ষেত্র বিষয়াসকলক নির্দেশ দিব পাৰে বুলি মন্তব্য কৰিছে। চৰকাৰী আঁচনিত ভুৱা পঞ্জীয়নৰ বাবে শিৱিৰৰ আয়োজন কৰা একাংশ ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈও উপ ৰাজ্যপালে নির্দেশ দিছে। তেওঁ নতুন দিল্লী বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্রার্থী সন্দীপ দীক্ষিতৰ পৰা লাভ কৰা অভিযোগমৰ্মে এই তদন্তৰ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে।

অধিক পঢ়ক

সকলো চাওক