লক্ষ্ণৌত অনুষ্ঠিত চৈয়দ মোদী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু আৰু লক্ষ্য সেনে ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেল মেচখন আজি বিয়লি খেলোৱা হ’ব। প্রতিযোগিতাখনৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত সিন্ধুৱে উন্নতি হুদাক ২১-১২ আৰু ২১-৯ৰ পোনপটীয়া ছেটত পৰাস্ত কৰে। ফাইনেলনত খেলুৱৈগৰাকীয়ে চীনৰ য়ু লু ইউৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আনহাতে লক্ষ্য সেনে পুৰুষৰ ছিংগলছৰ ফাইনেলত ছিংগাপুৰৰ জিয়া হেং জেছন টেহৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। সেনে কালি জাপানৰ শ্বোগো ওগাৱাক ২১–৮, ২১-১৪ ফলাফলত পৰাস্ত কৰে৷ প্রতিযোগিতাখনৰ মিক্সড ডাবলছত ধ্ৰুৱ কাপিলা আৰু টানিছা ক্ৰাষ্টোৰ যুটীটোৱে চীনৰ ঝু ঝি হং আৰু য়াং জিয়া ইৰ ফুটাটোক ২১-১৬, ২১-১৫ ফলাফলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁলোকে খিতাপ জয়ৰ বাবে থাইলেণ্ডৰ ডুঅ’ ডেছাপল পোৱাৱাৰানুক্ৰহ আৰু ছাপিচ্ছাৰা পেৱছাপ্ৰাণৰ বিৰুদ্ধে ফাইনেল মেচত অৱতীৰ্ণ হ’ব।
Site Admin | December 1, 2024 12:36 PM | Badminton