চৈয়দ মোদী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ভাৰতীয় যুটি ট্ৰেছা জলী আৰু গায়ত্ৰী গোপিছান্দ পুলেলাই থাইলেণ্ডৰ বেনয়াপা আইমষ্টাৰ্ড আৰু নুন্তাকাৰ্ন আইমষ্টাৰ্ডক ১৮-২১, ২১–১৮, ২১–১০ ছেটত পৰাস্ত কৰি মহিলা ডাবল্ছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুৱে উন্নতি হোদাক ২১-১২, ২১-৯ ছেটত পৰাস্ত কৰি মহিলা একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে মিক্সড ডাবল্ছত ভাৰতীয় যুটি ধ্ৰুৰ্ কপিলা আৰু তানিছা ক্ৰাষ্টোৱে চীনৰ জ’ জি হং আৰু য়ং জি য়ৰ বিৰুদ্ধে ২১-১৬, ২১-১৫ ছেটত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। পুৰুষৰ একক শাখাত ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেনে জাপানৰ শ্বোগো ওগাৱাৰ বিপৰীতে আৰু প্রিয়াংশু ৰাজাৱটে আজি ছিংগাপুৰৰ ছিড জিয়া হেং জেচন টেহৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব।
Site Admin | November 30, 2024 8:56 PM | Badminton | SPORTS