চৈত্ৰ্য শুক্লাদি, গুড়ি পড়ৱা, উগাড়ি, চেতী চান্দ, নৱৰেহ আৰু ছজীবু চেইৰাওবা উপলক্ষে দেশবাসীলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৈত্ৰ্য শুক্লাদি, গুড়ি পড়ৱা, উগাড়ি, চেতী চান্দ, নৱৰেহ আৰু ছজীবু চেইৰাওবা উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে কৈছে যে, এই উৎসৱসমূহ বসন্ত ঋতু আৰু ভাৰতীয় নৱ-বৰ্ষক আদৰণি জনোৱা উৎসৱ। দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা এই উৎসৱসমূহে শান্তি, সম্প্ৰীতি আৰু সহনশীলতাৰ বাৰ্তা বিয়পাই দিব বুলি ৰাষ্ট্ৰপতিয়ে আশা প্রকাশ কৰিছে। তেওঁ লগতে কৈছে যে, এই উৎসৱসমূহ দেশৰ চহকী সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতীক আৰু এই উৎসৱসমূহত মানুহে প্ৰকৃতিৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে ৷
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তেওঁৰ বাৰ্তাত কৈছে যে, বিভিন্ন নামেৰে উদযাপন কৰিলেও এই উৎসৱসমূহৰ মূল উদ্দেশ্য একেই। এই উৎসৱসমূহে দেশৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত নৱ-বৰ্ষৰ আৰম্ভণি কৰে বুলিও উপ-ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰিছে। দেশে এই উৎসৱমুখৰ অনুষ্ঠানবোৰ আঁকোৱালি লোৱাৰ সময়তে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বৈচিত্র্যত ঐক্যৰ মনোভাৱৰ বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ আহ্বান জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা বার্তাযোগে নৱ-সংবৎসৰ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। নতুন বছৰটোৱে সকলোৰে বাবে সুখ-সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনিব বুলি শ্রীমোদীয়ে আশা প্রকাশ কৰিছে। নৱ-ৰাত্ৰিৰ শুভেচ্ছা জনাই শক্তি পূজাৰ মহান উৎসৱে সকলোৰে বাবে সুখৰ বতৰা কঢ়িয়াই আনিব বুলি প্রধানমন্ত্রীয়ে আশা প্রকাশ কৰিছে।

 

অধিক পঢ়ক

সকলো চাওক