চেন্নাই অ’পেন এটিপি টেনিছ প্রতিযোগিতাৰ এখন খেলত বিশ্ব ৰেংকিঙৰ ৩২৪ নম্বৰ স্থানৰ খেলুৱৈ ইটালীৰ জেক’বা বেৰেটিনীয়ে প্ৰতিযোগিতাৰ ষষ্ঠ বাছনিৰ শ্ব’ শিমাবুকুৰ’ক পৰাস্ত কৰিছে। খেলখনত বেৰেটিনী ৬-৩, ৭-৬ৰ পোনপটীয়া ছেটত জয়ী হয়। আন এখন খেলত, পঞ্চম বাছনিৰ জাপানৰ শিণ্টাৰ’ মচিযুকিয়ে ইটালীৰ এনৰিক’ ডাল্লা ৱেল্লেক ৬-২, ৬-১ ছেটত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ইপিনে কালি ক’ৰ্টত নমা ভাৰতৰ চাৰিওগৰাকী খেলুৱৈয়ে চূড়ান্ত যোগ্যতাৰ নিৰ্ণয়কাৰী খেলত পৰাস্ত হৈছে।
Site Admin | February 4, 2025 12:02 PM | chennai open tennis
চেন্নাই অ’পেন এটিপি টেনিছ প্রতিযোগিতাত ষষ্ঠ বাছনিৰ শ্ব’ শিমাবুকুৰ’ক পৰাস্ত ইটালীৰ জেক’বা বেৰেটিনীৰ
