ডাউনলোড
মোবাইল এপ

android apple
signal

চেন্নাইত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰয়োগত ভাৰতৰ প্ৰগতিশিল পথ সংক্রান্তীয় সন্মিলন

চেন্নাইত আজি ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰয়োগত ভাৰতৰ প্ৰগতিশিল পথ সংক্রান্তীয় এখন সন্মিলন অনুষ্ঠিত হৈছে। অহা ১ জুলাইৰ পৰা ৩খন নতুন ফৌজদাৰী আইন কার্যকৰী হোৱাৰ পূৰ্বে আজিৰ সন্মিলনত এই সন্দৰ্ভত পর্যালোচনা কৰা হৈছে। এই উপলক্ষে দিয়া ভাষণত কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে, ঔপনিৱেশিক শাসকসকলে ভাৰতীয় সকলক শাস্তি বিহাৰ লক্ষ্যৰে ভাৰতীয় দণ্ডবিধি প্রণয়ন কৰিছিল। এতিয়া ন্যায় প্ৰদানৰ উদ্দেশ্যে ভাৰতীয় ন্যায় সংহিতা প্ৰৱৰ্তন কৰা হৈছে। ভাৰতীয় সকলক শোষণ কৰাটোৱেই ঔপনিৱেশিকসকলৰ আইন প্ৰণয়নৰ মূল উদ্দেশ্য আছিল বুলিও তেওঁ উল্লেখ কৰে। ভাৰতীয় দণ্ডবিধিৰ নৱীকৰণৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো তেওঁ আলোকপাত কৰে। তেওঁ কয় যে, ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ সৈতে ২০১৯ চনৰ পৰা এই সন্দৰ্ভত পৰামৰ্শ কৰাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সন্মিলনত ভাষণ দি তথ্য আৰু সম্প্ৰচাৰৰ ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানে কয় যে, এন ডি এ চৰকাৰে প্ৰযুক্তিগতভাৱে অগ্ৰগতি লাভ কৰা বিশ্বৰ সৈতে খাপ খোৱাকৈ নতুন ফৌজদাৰী আইন প্ৰৱৰ্তন কৰিছে। ভাৰতৰ ন্যায়িক আইনসমূহ বর্ধিত ডিজিটেল সমাজৰ উপযোগী হোৱাকৈ যুগুত কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ভাৰতীয় সাক্ষ্য অধিনিয়ম, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাকে ধৰি ভালেমান বিষয় সন্দৰ্ভত প্রযুক্তিগত সত্ৰত আলোচনা কৰা হয়। এই সন্মিলনত জ্যেষ্ঠ ন্যায়াধীশ, উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ লগতে আইনৰ ছাত্ৰ সকলে ও অংশগ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক