চেন্নাইত অনুষ্ঠিত বায়ু প্রদর্শনীত ৫ গৰাকী দৰ্শকৰ চিকিৎ‍সালয়ত মৃত্যু

তামিলনাডুৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী এম সুব্রমন্যমে কালি চেন্নাইত অনুষ্ঠিত বায়ু প্রদর্শনীত ৫ গৰাকী দৰ্শকৰ চিকিৎ‍সালয়ত মৃত্যু ঘটা বুলি সদৰি কৰে। চেন্নাইত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ প্ৰচণ্ড গৰমৰ বাবে লোককেইজনৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে। বায়ু প্ৰদৰ্শনীৰ বাবে গ্ৰহণ কৰা সকলো ধৰণৰ ব্যৱস্থাৰ বিষয়ে তেওঁ সংবাদ মাধ্যমৰ আগত অৱগত কৰাৰ লগতে প্ৰদৰ্শনীৰ সময়ছোৱাত যিকোনো ধৰণৰ জৰুৰীকালীন পৰিস্থিতিৰ বাবে চিকিৎসকৰ দলো সাজু কৰি ৰখা হৈছিল বুলিও জানিবলৈ দিয়ে। তেওঁ কয় যে, জৰুৰীকালীন পৰিস্থিতিৰ বাবে ৪০ খন এম্বুলেন্স সাজু কৰি ৰখাৰ লগতে কেইবাটাও পেৰা মেডিকেল দল প্রদর্শনীস্থলিত উপস্থিত আছিল। লোককেইজনৰ মৃত্যুক অত্যন্ত দুৰ্ভাগ্যজনক বুলি আখ্যা দি মন্ত্ৰীগৰাকীয়ে কয় যে, প্রচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি বায়ু সেনাই প্ৰদৰ্শনী উপভোগ কৰিবলৈ অহা লোকসকলক ছাতি, টুপী আৰু খোৱাপানী লগত আনিবলৈ আগতীয়াকৈ আহ্বান কৰিছিল।

অধিক পঢ়ক

সকলো চাওক