অসমৰ অলিম্পিক পদক জয়ী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁইয়ে চেক গণৰাজ্যত অনুষ্ঠিত গ্রাঁ-প্ৰি ২০২৪ত ৰূপৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। যোৱা ১২ৰ পৰা ১৫ জুনলৈ ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ অন্তিম দিনটোত লাভলীনা চীনৰ লি কিয়ানৰ বিৰুদ্ধে তৃতীয়খন খেলত ২-৩ৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডৰ ছাণ্টাল ৰিডৰ বিৰুদ্ধে ৩-২ পইণ্টৰ ব্যৱধানত জয়লাভ কৰা লাভলীনাই দ্বিতীয়খন খেলত অলিম্পিক ৰিফুজি দলৰ ছিণ্ডী নাগাম্বাৰ বিৰুদ্ধে ০-৫ পইণ্টৰ ব্যৱধানত পৰাস্ত হৈছিল।
Site Admin | June 16, 2024 1:34 PM | Lovlina Borgohain
চেক গণৰাজ্যত অনুষ্ঠিত গ্রাঁ-প্ৰি ২০২৪ত বক্সাৰ লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক লাভ
