চুমি বৰা আৰু তার্কিক বৰাক গ্ৰেপ্তাৰৰ পাছত থানালৈ নিনি জিমখানালৈ নি সেই স্থানত ব্যক্তিগত চেনেলে সাক্ষাৎকাৰ লোৱা বিষয় সন্দৰ্ভত মুখ্যমন্ত্রীৰ তদন্তৰ নিৰ্দেশ

অনলাইন ট্রেডিং কেলেংকাৰী গোচৰত জড়িত চুমি বৰা আৰু তার্কিক বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পাছত পোনে পোনে থানালৈ নিনি ডিব্ৰুগড় জিমখানালৈ নিয়া আৰু সেই স্থানত এটা ব্যক্তিগত চেনেলে সাক্ষাৎকাৰ লোৱা বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই তদন্তৰ নিৰ্দেশ দিছে। একেটা বিষয় সন্দৰ্ভত লগতে আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেও মুখ্যমন্ত্ৰীয়ে আলোচনা কৰা বুলি প্ৰকাশ কৰিছে।
আনহাতে, ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চই অনলাইন ট্রেডিং কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ তত্বাৱধানত চি বি আইৰ তদন্ত দাবী কৰিছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত বিৰোধী ঐক্যমঞ্চৰ নেতা লুণিজ্যোতি গগৈ, অজিত ভূঞা আৰু ৰকিবুল হুছেইনে এই দাবী উত্থাপন কৰে। নেতাকেইগৰাকীয়ে এই কেলেংকাৰীৰ অভিযোগত জড়িত থকা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে সাধাৰণ ৰাইজে যাতে ধন ওভোতাই পায়, তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈও দাবী জনাইছে। এই গোচৰত অভিযুক্তসকলক চৰকাৰে আতিথ্য প্ৰদান কৰা বুলিও তেওঁলোকে অভিযোগ উত্থাপন কৰে। ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে তদন্ত অব্যাহত ৰাখিছে।
ইপিনে, অনলাইন ট্রেডিং গোচৰৰ অভিযুক্ত চুমি বৰা আৰু তেওঁৰ স্বামী তার্কিক বৰাক ডিব্ৰুগড় আৰক্ষীয়ে জিম্মাত লোৱাৰ পাছত তেওঁলোকক সোধা-পোছা কৰি আছে। ইয়াৰ লগতে কালি গুৱাহাটী আৰক্ষীয়ে বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আন দুগৰাকী অবৈধ ধন লেনদেন কাৰ্যৰ অভিযুক্ত মাইনাও ব্ৰহ্ম আৰু দীপাংকৰ ভট্টক গ্ৰেপ্তাৰ কৰি মুছলপুৰ আৰক্ষীয়ে সম্প্ৰতি নিজৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক