ব্রাজিলে চীনৰ কেইবা কোটিটকীয়া বেল্ট আৰু পথ আন্তঃগাঁথনি চমুকৈ বি আৰ আইৰ সৈতে জড়িত নহয় বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতৰ পাছত বেইজিঙৰ এই বৃহৎ প্রকল্পক প্ৰত্যাখ্যান কৰা ব্ৰাজিল হৈছে কিছ ৰাষ্ট্ৰগোষ্ঠীৰ দ্বিতীয়খন দেশ। আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ বিশেষ অধ্যক্ষৰ পৰামৰ্শদাতা চেলছো এমোৰিমে ব্ৰাজিলৰ বাতৰি কাকত ও গ্লোবত কয় যে, বি আৰ আইৰ সৈতে জড়িত হোৱাৰ সলনি চীনৰ বিনিয়োগকাৰীসকলক সহযোগিতা আগবঢ়োৱাৰ বাবে ব্রাজিলে বিকল্প পথ বিচাৰিব। ব্রাজিলে কৈছে যে, চীনৰ ধবজাবাহী আন্তঃগাঁথনি প্রকল্পই দেশখনক প্ৰকৃতাৰ্থত লাভান্বিত কৰাতে যে বিফল হ’ব তেনে নহয় সম্ভাৱনাপূর্ণ ট্রাম্প প্ৰশাসনৰ সৈতে থকা সম্পৰ্কক অধিক জটিল কৰি তুলিব । শেহতীয়াকৈ এমোৰিম আৰু ৰাষ্ট্ৰপতিৰ ষ্টাফ ৰুইকষ্টাৰ মুৰববীয়ে এই সন্দৰ্ভত আলোচনা কৰাৰ বাবে বেইজিঙলৈ গৈছিল যদিও চীনৰ প্ৰস্তাৱত পতিয়ন নগ’ল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায় প্রতিনিধি কেথৰিন তাইয়ে বি আৰ আইৰ সৈতে জড়িত হোৱাৰ প্ৰস্তাৱতো চালি জাৰি চাবলৈ ব্ৰাজিলক আহ্বান জনাইছে। ব্ৰাছিলিয়াত থকা চীনৰ দূতাৱাসে তেওঁৰ এই বক্তব্যক দায়িত্বশীল আৰু অসন্মাজনক বুলি মন্তব্য কৰিছে।
Site Admin | November 1, 2024 12:33 PM | Brajil