April 7, 2024 7:02 PM | AI

printer

চীনে কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত প্ৰস্তুত কৰা বিষয়বস্তুৰে ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ নিৰ্বাচন বিঘ্নিত কৰাৰ বাবে সাজু হৈছে বুলি মাইক্ৰ’ছফটৰ সকীয়নি

চীনে কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত প্ৰস্তুত কৰা বিষয়বস্তুৰে ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ নিৰ্বাচন বিঘ্নিত কৰাৰ বাবে সাজু হৈছে বুলি মাইক্ৰ’ছফটে সকিয়াই দিছে। চীনে টাইৱানৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত ফলাফল প্রভাৱিত কৰাৰ বাবে পৰীক্ষা চলোৱাৰ পাছতে আগশাৰীৰ কম্পিউটাৰ ছফ্‌টৱেৰ কোম্পানীটোৱে এইদৰে সকিয়াই দিছে। চলিত বৰ্ষত ইউৰোপীয় সংঘৰ উপৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ কমেও ৬৪ খন দেশত ৰাষ্ট্ৰীয় নির্বাচন অনুষ্ঠিত হোৱাৰ কথা আছে। এই দেশকেইখনৰ জনসংখ্যা বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪৯ শতাংশ। মাইক্ৰ’ছফ্‌টৰ চোৰাংচোৱা দলে প্রকাশ কৰা মতে, চীনৰ চৰকাৰী পৃষ্ঠপোষকতাপ্রাপ্ত চাইবাৰ গোটসমূহে উত্তৰ কোৰিয়াৰ সহযোগত ২০২৪ চনৰ নিৰ্বাচনী সূচীক লক্ষ্য কৰি লোৱাৰ সম্ভাৱনা আছে। মাইক্ৰ’ছফ্‌টে কৈছে যে, চীনে নিৰ্বাচনৰ সময়ত নিজৰ স্বাৰ্থক জনমতলৈ পৰিৱৰ্তন কৰাৰ উদ্দেশ্যে সামাজিক মাধ্যমযোগে কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত প্ৰস্তুত কৰা বিষয়বস্তু প্ৰচাৰ কৰাৰ সম্ভাৱনা আছে। কৃত্রিম বুদ্ধিমত্তা প্ৰযুক্তিৰ সহায়ত দীপ ফেক অথবা মনেসজা ঘটনাসহ ভুৱা বিবৃতি প্ৰস্তুত কৰিব পৰা যায়।

অধিক পঢ়ক

সকলো চাওক