কেন্দ্রীয় ক্রীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী – চি আৰ পি এফ আৰু ভাৰত-তীববত সীমান্ত আৰক্ষী – আই টি বি পিৰ জোৱানসকলৰ সৈতে নতুন দিল্লীত অনুষ্ঠিত ফীট ইণ্ডিয়া ছাডে অন চাইকেল অভিযানৰ প্ৰথমটো কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে জোৱানসকলৰ সৈতে মেজৰ ধ্যানচান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ পৰা ৰাইছিনা হিললৈ এই চাইকেল অভিযানত অংশ লয়।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীমাণ্ডাভিয়াই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত সমগ্ৰ জাতিটোৱে নিজকে সবল কৰি ৰাখিবলৈ ফীট ইণ্ডিয়া অভিযানত যোগদান কৰিছে। দেশৰ ১১০০টা বিভিন্ন স্থানত এই অভিযানৰ কাৰ্যসূচীৰ ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্রী মাণ্ডাভিয়াই কয় যে চাইকেল চলোৱাটো উত্তম ব্যায়াম আৰু ই মানুহক নিৰোগী তথা সবল কৰি ৰখাৰ লগতে প্ৰদূষণৰ সমস্যাৰো সমাধান দিব পাৰে। তেওঁ এই অভিযানত বহুসংখ্যক লোকৰ অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে।
Site Admin | December 22, 2024 6:50 PM | Dr. Mansukh Mandaviya