শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জনজাতি পৰিক্ৰমা বিভাগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত চিৰাঙৰ ছপাগুৰিত এটা জনজাতীয় জিৰণী গৃহ মুকলি কৰে। এই জিৰণী গৃহৰ জৰিয়তে জনজাতীয় সম্প্রদায় বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব বুলি তেওঁ আশা প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে চিৰাঙৰ অম্লাইগুৰি ইকো টুৰিজিম পার্ক মুকলি কৰে। এই প্ৰকল্পতো দুই কোটি ৮৭ লাখতকৈও অধিক ধন ব্যয় সাপেক্ষে দুটা পৰ্যায়ত সম্পূৰ্ণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
Site Admin | September 20, 2024 6:47 PM | Dr. Ranoj Pegu
চিৰাঙৰ কেইবাটাও কাৰ্যসূচীত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ
