জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই আজি চিৰাং জিলা ভ্ৰমণ কৰি জিলাখনৰ ভূটান সীমাৱৰ্তী অঞ্চলত শেহতীয়াকৈ দেখা দিয়া মেলেৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱজনিত স্বাস্থ্য-পৰিস্থিতিৰ বুজ লয়। গুৱাহাটীৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ.লক্ষ্মনন আৰু কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীক লগত লৈ মন্ত্ৰীগৰাকীয়ে প্ৰথমে জিলা সদৰ কাজলগাঁওস্থিত জে এছ বি জিলা অসামৰিক চিকিৎসালয়ত চিৰাঙৰ জিলা আয়ুক্তসহ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷ মন্ত্ৰীগৰাকীয়ে মেলেৰিয়া প্ৰতিৰোধৰ জৰুৰী কাৰ্যব্যৱস্থা সন্দৰ্ভতো বিস্তাৰিত ভাৱে আলোচনা কৰে। আলোচনাত বড়োলেণ্ড স্বায়ত্ত শাসিত অঞ্চলৰ কাৰ্যবাহী সদস্য (হস্ততাঁত আৰু বস্ত্ৰশিল্প) ধনঞ্জয় বসুমতাৰী, চিৰাঙ জিলাৰ আয়ুক্ত যতীন বৰা, বিটিআৰ প্ৰধানৰ উপদেষ্টা (স্বাস্থ্য) উত্তম নাৰ্জাৰী, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ৰেহেনা বেগম, জে এচ বি জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰেজাউল কৰিম আৰু জিলা মেলেৰীয়া বিষয়া (ভাৰপ্ৰাপ্ত) ডাঃ দ্বিগেন্দ্ৰ ৰামচিয়াৰীৰ লিতে এনএইচএমৰ জিলা কাৰ্যসূচী প্ৰৱন্ধকো উপস্থিত থাকে।
Site Admin | November 28, 2024 6:35 PM | Keshab Mahanta | Minister Keshab Mahanta