May 12, 2024 12:00 PM | LOK ADALOT

printer

চিৰাং জিলাৰ কাজলগাঁৱত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালতত ৭৬৮টা গোচৰ নিষ্পত্তি

চিৰাং জিলাৰ কাজলগাঁৱত অৱস্থিত জিলা ন্যায়িক আদালত চৌহদ আৰু বিজনী ন্যায়িক আদালত চৌহদত কালি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত আৰু চিৰাং জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত সম্পন্ন হোৱা এই লোক আদালতত- ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্ৰান্তীয় গোচৰৰ লগতে পথ দুৰ্ঘটনা, বিভিন্ন বেংকৰ ঋণ, টেলিফোন বিল, বিদ্যুৎ মাচুল, আদি বিভিন্ন গোচৰ ব্যয়হীনভাৱে আৰু খৰতকীয়াকৈ নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰা হয় ৷ জিলাখনৰ আইন প্ৰাধিকাৰীয়ে জনোৱা অনুসৰি পঞ্জীভুক্ত মুঠ ৩,৭৭৩ টা গোচৰৰ ভিতৰত ৭৬৮টা নিষ্পত্তি কৰাৰ লগতে গোচৰ নিষ্পত্তিকৰণত ৯১ লাখ ৪৯ হাজাৰ ২৬৫ টকা আদায় কৰা হয়। ইপিনে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত কালি মাজুলী জিলাতো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। এই লোক আদালতত মুঠ ৩০টা ধন অনাদায়ৰ গোচৰ, ৩৪টা বিদ্যুৎ বিল অনাদায়ৰ গোচৰ, ১২টা বি এছ এন এলৰ মাচুল অনাদায়ৰ গোচৰৰ লগতে যানবাহন আইন উলংঘা সম্বন্ধীয় ১৭০টা, ফৌজদাৰী আপোচযোগ্য ৮টা, মটৰ দুৰ্ঘটনা ক্ষতিপূৰণৰ এটা, খোৰাকীৰ ১১টাকে ধৰি বহুকেইটা গোচৰ নিষ্পত্তি কৰা হয়। বৰপেটাতো কালি বৰপেটা জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ বিভিন্ন আদালত প্ৰাংগণত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰি মুঠ ৮,৬৮১টা গোচৰৰ ভিতৰত ১০৮৮টা গোচৰ নিষ্পত্তি কৰা হয়। ইপিনে হাটশিঙিমাৰীতো কালি ৰাষ্ট্ৰীয় লোক আদালতৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমাৰা মানকাচৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হয়। ৰাষ্ট্রীয় আইন সেৱা প্ৰাধিকৰণ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত হাটশিঙিমাৰীৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। আনহাতে ওদালগুৰি জিলাতো কালি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হয়। এই আদালতত আপোচযোগ্য বিভিন্ন গোচৰ যেনে যান বাহন আইন উলংঘা, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনা, চেক বাউন্স, ৰাজহ সংক্রান্তীয় গোচৰ, বেংকৰ লেন দেন আদি বিভিন্ন গোচৰৰ মুঠ ১,৬২৩টা নিষ্পত্তি কৰা হয়। ইয়াৰ লগতে কোকৰাঝাৰ জিলাতো কালি অনুষ্ঠিত লোক আদালতত ভালে সংখ্যক বিচাৰাধীন গোচৰ নিষ্পত্তি কৰা হয় ৷

অধিক পঢ়ক

সকলো চাওক