ডাউনলোড
মোবাইল এপ

android apple
signal

November 20, 2024 11:45 AM | PM-Chilli

printer

চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়েল বৰিক ফণ্টৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

শ্রীমোদী কালি চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়েল বৰিক ফণ্টৰ সৈতেও বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই আলোচনাত ঔষধ, প্রযুক্তি, মহাকাশ আৰু বিভিন্ন ক্ষেত্ৰত দেশখনৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয় যে চিলিৰ সৈতে ভাৰতৰ বিভিন্ন খণ্ডত শক্তিশালী সম্পর্ক আছে। শ্রীমোদীয়ে চিলিত আয়ুর্বেদে জনপ্ৰিয়তা লাভ কৰাত সন্তোষ প্রকাশ কৰে। আয়ুৰ্বেদ খণ্ডতো উভয় দেশৰ মাজৰ সম্পৰ্ক ত্বৰান্বিত কৰিব পৰা যায় বুলি তেওঁ উল্লেখ কৰে। প্রধানমন্ত্রী কালি আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেইৰ সৈতেও এখন বৈঠকত মিলিত হয়। বৈঠকত দুয়োগৰাকী নেতাই শক্তি, প্ৰতিৰক্ষা খণ্ডৰ উৎপাদন, বাণিজ্যিক আৰু সাংস্কৃতিক সম্পর্ক বৃদ্ধিৰ বিষয়ে আলোচনা কৰে। ভাৰত-আৰ্জেণ্টিনা কৌশলগত সহযোগিতাই পাঁচ বছৰ সম্পূৰ্ণ কৰিলে বুলিও শ্রীমোদীয়ে প্ৰকাশ কৰে৷

অধিক পঢ়ক

সকলো চাওক