ডাউনলোড
মোবাইল এপ

android apple
signal

December 29, 2024 6:10 PM | Mann Ki Baat

printer

চিনেমা আৰু মনোৰঞ্জন উদ্যোগে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাক শক্তিশালী কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সংবিধানৰ গৌৰৱময় যাত্ৰাৰ বিষয়ে উল্লেখ কৰে। অহা বছৰৰ ২৬ জানুৱাৰীত দেশত সংবিধান কাৰ্যকৰী হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ব। নিজৰ বক্তব্যত শ্রীমোদীয়ে সংবিধানক দেশবাসীৰ পথ প্ৰদৰ্শক বুলি উল্লেখ কৰে। শ্ৰীমোদীয়ে এনিমেশন চিনেমা, নিয়মীয়া চিনেমা, টিভি চিৰিয়েল আদিৰ জনপ্ৰিয়তাৰ প্ৰসংগ উল্লেখ কৰি কয়, যে এই সৃষ্টিশীল উদ্যোগটোৱে দেশৰ প্ৰগতিত ভূমিকা গ্ৰহণ কৰাৰ লগতে দেশৰ অৰ্থনীতিকো আগুৱাই নিছে। চিনেমা আৰু মনোৰঞ্জন উদ্যোগে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাক শক্তিশালী কৰি তুলিছে বুলিও তেওঁ উল্লেখ কৰে। ২০২৪ বৰ্ষত জন্ম শতবার্ষিকী উদযাপন কৰা চলচ্চিত্ৰ ক্ষেত্ৰৰ কেইবাগৰাকী ব্যক্তিক তেওঁ স্মৰণ কৰে। ভাৰতৰ সৃজনীশীল প্রতিভাক বিশ্বৰ মঞ্চত তুলি ধৰাৰ বাবে আসন্ন নৱবৰ্ষত দেশত প্ৰথমবাৰৰ বাবে বিশ্ব দৃশ্য-শ্ৰব্য মনোৰঞ্জন শীৰ্ষ সন্মিলনৰ আয়োজন কৰা হৈছে। তেওঁ মনোৰঞ্জন উদ্যোগৰ সৈতে জড়িত সকলোকে এই সন্মিলন সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক