ৰাজ্যৰ পাঁচটা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে মাজত ৬টা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি চিদলী বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নিজৰ ভাষণত ড০ শৰ্মাই বিটিআৰত সুদীৰ্ঘ দিনৰ হিংসাত্মক পৰিস্থিতিৰ পাছত শান্তি প্রতিষ্ঠা হৈছে বুলি উল্লেখ কৰি অনুষ্ঠানটোত শান্তি আৰু উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাতো অংশগ্ৰহণ কৰে। আজি চিদলী বিধানসভাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতাৰ লগতে ইউ পি পি এল দলেও নির্বাচনী প্ৰচাৰ সভাত অংশ লয়। বঙাইগাঁও উপ-নির্বাচনৰ সন্দৰ্ভত এই আমাৰ সংবাদদাতা তেজছ ত্রিপাঠী ভইচ কাষ্ট ইপিনে মন্ত্রী পীযূষ হাজৰিকাই আজি বিহালী সমষ্টিত বিজেপি প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ বিহালী পঞ্চায়তত প্ৰচাৰ চলায় ৷ ইপিনে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি বঙাইগাঁৱত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰী বৰাই উন্নয়নৰ আৰু সুশাসনৰ স্বাৰ্থত দলৰ প্ৰাৰ্থীৰ্গৰাকীক জয়ী কৰাবলৈ আহ্বান জনায়। ইপিনে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে আজি চামগুৰি সমষ্টিৰ প্রার্থী তানজিল হুছেইনৰ হৈ সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ সভাত অংশ লয়। সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিল্লুৰঞ্জন শৰ্মাৰ সমৰ্থনত আজি মন্ত্ৰী বিমল বৰাই এখন সংবাদমেলত ভাগ লোৱাৰ লগতে প্ৰচাৰ চলায়।
Site Admin | November 6, 2024 7:33 PM | Assam Bye-Election