ডাউনলোড
মোবাইল এপ

android apple
signal

December 10, 2024 9:05 PM | Cyber crime

printer

চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপর্টিং এণ্ড মেনেজমেণ্ট ছিষ্টেমৰ অধীনত সন্দেহযুক্ত চাইবাৰ অপৰাধী চিনাক্ত কৰ্তাৰ পঞ্জীয়ন আৰম্ভ

আই ফ’ৰ চি অৰ্থাৎ চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপর্টিং এণ্ড মেনেজমেণ্ট ছিষ্টেমৰ অধীনত বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ সহযোগত সন্দেহযুক্ত চাইবাৰ অপৰাধী চিনাক্ত কৰ্তাৰ পঞ্জীয়ন আৰম্ভ কৰা হৈছে। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ পৰিক্ৰমা ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে কয়, যে এই ব্যৱস্থাৰ ফলত ৫ লাখ ৬০ হাজাৰতকৈ অধিক প্রবঞ্চনামূলক লেন-দেন ৰোধ কৰি জনসাধাৰণৰ ১,৪০০ কোটিতকৈ অধিক টকা ৰক্ষা কৰিব পৰা গৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে চাইবাৰ অপৰাধৰ মূল কেন্দ্ৰসমূহ চিনাক্ত কৰি অবাধ চাইবাৰ জালিয়াতী আৰু অভিযোগসমূহ কমাই আনিবৰ বাবে কেইবালানিও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয়, যে চাইবাৰ অপৰাধীৰ মূল কেন্দ্ৰ আৰু বহু ন্যায়িক সমস্যা থকা অঞ্চলৰ ওপৰত ভিত্তি কৰি সমগ্ৰ দেশক সামৰি হাৰিয়াণাৰ মেৱাত, ঝাৰখাণ্ড জামতাৰা, আহমেদাবাদ, হায়দাবাদ, চণ্ডীগড়, বিশাখাপট্টনম আৰু গুৱাহাটীৰ বাবে ৭ টা যুটীয়া চাইবাৰ সমন্বয় দল গঠন কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে এই জে চি চিটিৰ অধীনত বিভিন্ন প্রাদেশিক আইন প্রয়োগকাৰী সংস্থাৰ মাজত সমন্বয়ৰ পৰিকাঠামো বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক অন্তৰ্ভুক্ত কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক