চিকিৎসা কৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিতৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন

■ উচ্চতম ন্যায়ালয়ে চিকিৎসা কৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন এখন বিচাৰপীঠে কালি ক’লকাতাৰ আৰ জে কৰ হাস্পতালত এগৰাকী চিকিৎসকৰ বলাৎকাৰ আৰু হত্যাৰ গোচৰৰ শুনানি গ্রহণ কৰি কাৰ্যবাহিনীটোক তিনি সপ্তাহৰ ভিতৰত অন্তৱৰ্তীকালীন প্রতিবেদন আৰু দুমাহৰ ভিতৰত চূড়ান্ত প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ন্যায়ালয়ে মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে দেশজুৰি গ্ৰহণ কৰিবলগীয়া পৰিকল্পনা সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱাৰ বাবে দেশৰ সকলো চিকিৎসকক লৈ এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে। বিচাৰপীঠখনে কলকাতা ধৰ্ষণ আৰু হত্যা কাণ্ডৰ ভুক্তভোগীগৰাকীৰ নাম, ফটো আৰু ভিডিঅ’ আদি ততালিকে ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি ন্যায়ালয়ে আবাসিক চিকিৎসক বিশেষকৈ মহিলা চিকিৎসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে আৰ জি কৰ হাস্পতালত কেন্দ্ৰীয় ঔদ্যোগিক বাহিনীৰ জোৱান নিয়োগ কৰিবলৈ কৈছে। বিচাৰপীঠখনে পশ্চিমবংগ চৰকাৰ আৰু চিকিৎসালয় কর্তৃপক্ষই গোচৰটোৰ তদাৰকৰ ক্ষেত্ৰত অৱলম্বন কৰা পন্থাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে প্রক্রিয়াগত আঁসোৱাহৰ সমালোচনা কৰিছে আৰু বিশেষকৈ ঘটনাটো সন্দৰ্ভত এজাহাৰ ৰুজু কৰাত হোৱা বিলম্ব তথা স্থানীয় আৰক্ষী তথা চিকিৎসালয় প্রশাসনে সাক্ষ্য প্রমাণ বিনষ্ট নোহোৱাৰ বাবে অপৰাধ সংঘটিত স্থানত উচিত ব্যৱস্থা গ্ৰহণ নকৰাক লৈ ক্ষোভ প্রকাশ কৰিছে।
সমগ্ৰ দেশত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলৰ কামৰ অসুৰক্ষিত বাতাবৰণক লৈ গভীৰ উদ্বেগ প্রকাশ কৰি ন্যায়ালয়ে কয় যে বৰ্তমানৰ আইন স্বাস্থ্য কৰ্মীৰ সুৰক্ষাৰ দিশৰ পৰা পৰ্যাপ্ত নহয়। ন্যায়ালয়ে কয় যে প্রণালীগত বিষয়সমূহ সমাধানৰ উদ্দেশ্যে বিষয়টো সন্দৰ্ভত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জনায়। কাইলৈ গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক