কলকাতাৰ শিয়ালদাহৰ এখন আদালতে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সঞ্জয় ৰায়ক ১৪ দিনৰ বাবে জেল হাজোতলৈ প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ৰায়ক ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। পাছত অভিযুক্তগৰাকীক চি বি আইৰ হাতত অৰ্পণ কৰা হৈছিল। ইপিনে, আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ বিত্তীয় অনিয়ম আৰু ভুল পৰিচালনাৰ গোচৰৰ তদন্তৰ দায়িত্ব চি বি আইক অর্পণ কৰা হৈছে। কলকাতা উচ্চ ন্যায়ালয়ে আজি চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ জড়িত থকা বিত্তীয় অনিয়মৰ বিষয়টোৰ চি বি আইৰ তদন্তৰ নিৰ্দেশ দিয়ে। পূৰ্বতে ৰাজ্য চৰকাৰে বিষয়টোৰ তদন্তৰ বাবে আৰক্ষীৰ মহাপৰিদৰ্শকৰ নেতৃত্বত এটা বিশেষ তদন্ত দল গঠন কৰিছিল। অন্য এটা ঘটনাক্ৰমত ৰাজ্যখনৰ স্বাস্থ্য সচিব নাৰায়ণ স্বৰূপ নিগমে আবাসিক চিকিৎসকসকলক কামত যোগদান কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুন চিকিৎসা অধীক্ষক তথা উপাধক্ষ আৰু অধ্যক্ষই ইতিমধ্যে কামত যোগদান কৰিছে। বক্ষ ৰোগ চিকিৎসা বিভাগৰ মুৰববী আৰু সহকাৰী অধীক্ষকক ইতিমধ্যে বদলি কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।