চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কালি সংঘটিত ৰাজনৈতিক হিংসাৰ ঘটনা সন্দৰ্ভত আজি বিজেপিয়ে কংগ্ৰেছ দলৰ বিৰুদ্ধে অভিযোগ তুলি নগাঁৱৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছে। মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ৰূপক শৰ্মাই এই পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে যোৱা নিশা চামগুৰিৰ পুঠিখাইটিত বিধায়ক জিতু গোস্বামীৰ গাড়ীলৈ দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াকে লৈ সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়। এই ঘটনাত কংগ্ৰেছৰ তিনিজন আৰু বিজেপিৰ দুজন লোক আহত হয়। অৱশ্যে ঘটনাৰ সম্ভেদ পাই আৰক্ষী ততালিকে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চামগুৰিত একাংশ কংগ্ৰেছ সমর্থকে বিধায়ক জিতু গোস্বামীক আক্ৰমণ কৰা ঘটনাক গৰিহণা দিছে। এই ঘটনাই দলটোৰ নিৰাশাকে প্রতিফলিত কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই চামগুৰি সমষ্টিৰ দলৰ প্ৰাৰ্থী তানজিল হুছেইনক ভাবুকি দিয়া বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ তোলে। তেওঁ এই ঘটনাৰ দোষীক কৰায়ত্ত কৰি শাস্তি বিহাৰ বাবে অসম আৰক্ষীক আহ্বান জনায়।
Site Admin | November 10, 2024 6:45 PM | Assam Bye-Election
চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংঘটিত ৰাজনৈতিক হিংসাক মুখ্যমন্ত্রীৰ গৰিহণা
