September 11, 2024 1:14 PM | Amit sah | HM India

printer

চাইবাৰ সুৰক্ষা অবিহনে দেশৰ বিকাশ এই মুহূৰ্তত সম্ভৱ নহয়ঃ গৃহমন্ত্রী

চাইবাৰ সুৰক্ষা অবিহনে দেশৰ বিকাশ এই মুহূৰ্তত সম্ভৱ নহয় বুলি গৃহমন্ত্রী অমিত শ্বাহে মত প্রকাশ কৰিছে। নতুন দিল্লীত কানি চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ আই ফ’ৰ চিৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্রযুক্তি মানৱ জীৱনৰ বাবে আশীর্বাদ হিচাপে বিবেচিত হৈছে যদিও বিভিন্ন সময়ত প্রযুক্তিয়ে মানুহৰ বিপদো মাতি আনিছে। তেনে ক্ষেত্ৰত চাইবাৰ সুৰক্ষা ৰাষ্ট্ৰৰ সুৰক্ষাৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে বুলি তেওঁ কয়।

দেশৰ বিভিন্ন ক্ষেত্ৰত ইণ্টাৰনেট সেৱাৰ বর্ধিত ব্যৱহাৰৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, প্রতিদিনে দেশত ডিজিটেল লেনদেন আৰু ডিজিটেল তথ্যৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত চাইবাৰ সুৰক্ষাৰ সৈতে জড়িত লোকসকলৰ দায়িত্বও বৃদ্ধি পাইছে। শেহতীয়াকৈ কাৰ্যকৰী হোৱা ৩ খন নতুন ফৌজদাৰী আইনত চাইবাৰ অপৰাধৰ প্রত্যাহ্বান ৰোধ কৰাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা ৰখা হৈছে বুলি তেওঁ উল্লেখ কৰে। চাইবাৰ অপবাধ সমন্বয় কেন্দ্রই চাইবাৰ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ৰাষ্ট্ৰজোৰা অভিযান আৰম্ভ কৰাব লগতে সকলো ৰাজ্য চৰকাৰক এই অভিযানত অংশ ল’বলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক