ডাউনলোড
মোবাইল এপ

android apple
signal

চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে অসমত ৰাষ্ট্ৰীয় চাইবাৰ ফৰেন্সিক পৰীক্ষাগাৰ স্থাপন হ’বঃ মুন্না প্রসাদ গুপ্তা

চাইবাৰ অপৰাধ ৰোধ কৰাৰ বাবে ডিজিটেল সাক্ষৰতা অত্যন্ত জৰুৰী বুলি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই প্রকাশ কৰিছে। কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত চাইবাৰ সুৰক্ষা বিষয়ত আলোচনাত অংশ লৈ শ্ৰীগুপ্তাই এইকথা উল্লেখ কৰে। তেওঁ কয় যে অপৰাধীসকলে বিভিন্ন কৌশল অৱলম্বন কৰি জনসাধাৰণক প্ৰৱঞ্চনা কৰাৰ চেষ্টা চলায়। বিশেষকৈ সামাজিক মাধ্যমসমূহৰ জৰিয়তে তেঁওলোকে গ্ৰাহকৰ ওচৰ চপাৰ চেষ্টা কৰে। যিকোনো ধৰণৰ বিনামুলীয়া সেৱা বা সামগ্ৰী আগবঢ়োৱাৰ প্ৰস্তাৱ পালেই সহজেই বিশ্বাসত নল’বলৈ তেওঁ জনসাধাৰণক আহ্বান জনায়। তেওঁ কয় যে, এই অপৰাধীসকলে কোনো কোনো সময়ত বিদ্যুৎ, টেলিফোন সেৱা বা এ টি এম বন্ধ কৰি দিয়া হ’ব বুলি ভাবুকি কৰা বাৰ্তা দিব পাৰে । ভুৱা অনলাইন চাকৰিৰ প্রলোভন, ধন বিনিয়োগৰ প্রলোভন, ভ্ৰমণৰ ক্ষেত্ৰত বিশেষকৈ হোটেল আদি বুকিং কৰাৰ সময়তো এনে ধৰণৰ অপৰাধী চক্ৰসমূহে ৰাইজক প্ৰৱঞ্চনা কৰাব বিভিন্ন কৌশল অৱলম্বন কৰে বুলি তেওঁ কয়। সেয়েহে প্ৰতিটো ক্ষেত্ৰতে নিখুঁতভাৱে চালি-জাৰি চাই আৰু প্রয়োজন হলে অভিজ্ঞসকলৰ পৰা জানি বুজি লৈহে আগবঢ়া প্রয়োজন বুলি শ্রীগুপ্তাই মন্তব্য কৰে। বিত্তীয় ক্ষেত্ৰত অপৰাধীৰ পৰা হাত সাৰিবলৈ হ’লে সমস্যাৰ সন্মুখীন হোৱা মাত্রেই ১৯৩০ বা চাইবাৰ অপৰাধৰ পোৰ্টেলত অভিযোগ দিবলৈ তেওঁ আহ্বান জনায়। অসম আৰক্ষীক চাইবাৰ অপৰাধ ৰোধ কৰাৰ বাবে পৰ্যাপ্ত প্রযুক্তিগত সুবিধা প্ৰদান কৰা হৈছে বুলি তেওঁ কয়। অতি সোনকালে ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনচিক গৱেষণাগাৰ প্ৰতিষ্ঠা হ’ব আৰু ইয়াৰ দ্বাৰা এনে অপৰাধসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰি পৰিৱৰ্তন হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক